অসম

assam

ETV Bharat / state

নতুন ভূমি নীতিৰ বিৰুদ্ধে তেজপুৰত গৰজি উঠিল আছু - protest against assam govt.

শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা নতুন ভূমি নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰে তেজপুৰ আঞ্চলিত ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

protest against assam govt. by assu in tezpur
protest against assam govt. by assu in tezpur

By

Published : Jul 2, 2020, 4:39 PM IST

তেজপুৰ, 2 জুলাইঃবৃহস্পতিবাৰে ৰাজ্যজুৰি ভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সমান্তৰালভাৱে তেজপুৰতো এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ অসম চৰকাৰে কেবিনেটত লোৱা ভূমি নীতিৰ সিদ্ধান্তৰ বিৰোধিতাৰে তেজপুৰ চহৰৰ শ্বহীদ বেদীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত আখ্যা দি, তেওঁলোকে ভূমি নীতি সম্পৰ্কে জাৰি কৰা অধিসূচনা বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত দাহ কৰে ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি ৷

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত দাহ কৰে ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি ৷

বিগত কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে চৰকাৰে CAA, দিহিং​ পাটকাইৰ কয়লা খনন, বৃহৎ নদীবান্ধ আৰু সম্প্ৰতি গ্ৰহণ কৰা ভূমি নীতিৰে অসমৰ লোকৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ অসম চৰকাৰে শেহতীয়াকৈ লোৱা ভূমিৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত সদৌ ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷ ভূমি নীতি আইন সম্পৰ্কীয় অধিসূচনা অতি শীঘ্ৰেই বাতিল কৰিবলৈ দাবী জনায় তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

ভূমি নীতিৰ বিৰুদ্ধে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়কঃগোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details