ৰঙাপৰা, 20 জুন : দেওবাৰে ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হ’ল শোণিতপুৰ জিলা ৷ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ শিঙৰীৰ পৰা ভঙা মন্দিৰলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথ চোৱাত বালিজানত থকা ভগা দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ সীমিত সংখ্যক সদস্যই চৰকাৰৰ নীতি নিৰ্দেশনা মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তাসকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ লগতে শিঙৰীৰ পৰা ভঙা মন্দিৰলৈ যোৱা সংযোগী পথৰ বালিজানত থকা ভগা দলংখন অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ অভিযোগ অনুসৰি, বালিজানত থকা পকী দলংখনৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰিছে জয়ছোৱাল উপাধিৰ এগৰাকী ঠিকাদাৰে ৷ দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ গৰাকীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো জৰাজীৰ্ণ পথ তথা দলং নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে বিধায়ক গণেশ কুমাৰ লিম্বু, সাংসদ পল্লৱলোচন দাস আৰু অসম চৰকাৰৰ বিৰুদ্ধে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি বিভিন্ন শ্ল’গানে উত্তাল কৰে ৰাজপথ ৷
প্ৰতিবাদস্থলীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, ‘‘বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত সামান্যতমো মিল নোহোৱা হৈছে ৷ ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই একাংশ দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ দ্বাৰা কাম কৰাইছে ৰাজ্য চৰকাৰে’’ ৷
প্ৰশান্ত বৈশ্যই লগতে কয় যে, যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিখন বাটপথৰ লগতে জৰাজীৰ্ণ দলংসমূহ নিৰ্মাণ কৰা হৈছে বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই ফুৰিছে, তেনে সময়তে শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ মধ্যভাগত বালিজানত থকা পকী ভগা দলংখন আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথৰ লগতে দলং নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত জিয়া ছবিখন পোহৰলৈ আহিছে ৷
উল্লেখ্য যে, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা পথটোৰে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ হেজাৰ হেজাৰ লোকে অহা-যোৱা কৰে ৷ জানিব পৰা মতে, দুবছৰ মানৰ পূৰ্বে কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে বালিজানত নিৰ্মাণ কৰা বৈছিল পকী দলংখন ৷ কিন্তু বিগত কিছুদিনৰ পূৰ্বে নৱনিৰ্মিত দলংখনৰ মধ্যভাগত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ যাৰ ফলত পথচাৰীয়ে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছে ৷