ৰঙাপৰা, 4 নবেম্বৰ : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গাঁও সমূহত একাংশ ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । পথাৰৰ মাজত কৃষক ৰাইজে সাজি লৈছে বহুকেইটা টঙিঘৰ । কৃষকসকলে টঙিঘৰত থাকি নিশা পহৰা দিছে নিজে খেতি কৰা ধাননি পথাৰখন । বনৰীয়া হাতীয়ে যাতে সোণালী ধাননি পথাৰ গছকি বা খাই ক্ষতি সাধন কৰিব নোৱাৰে তাৰে বাবেই এইদৰে টঙিঘৰ সাজি পহৰা দিয়াৰ দিহা কৰিছে ৰাইজে ৷ এতিয়া ধান পকাৰ সময় ৷ এই সময়তেই যদি ধান কেইটা হাতীৰ মুখৰ পৰা বচাব পৰা নাযায় তেন্তে বছটোলৈ দুখত পৰিব লাগিব চহা কৃষক ৷
বন্যহস্তীৰ তাণ্ডৱ : খেতি বচাবলৈ গঞাই সাজিছে টঙিঘৰ - নামেৰী ৰাষ্ট্ৰীয় উদ্যান
অসম-অৰুণাচল সীমান্তৱৰ্তী গাঁও সমূহত টঙিঘৰ সাজি খেতি পথাৰত পহৰা দিছে কৃষক ৰাইজে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এই বিশেষ পদক্ষেপ লৈছে সীমান্তবাসীয়ে ৷
চতাই গাৰোগাঁও, মেকাহি, ৰিহাজুলি গাঁৱৰ কৃষক ৰাইজে বছৰৰ পিছত বছৰ ধৰি টঙিঘৰ সাজি পহৰা দি আহিছে । উল্লেখ্য যে, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে বনৰীয়া হাতী ওলাই আহে খাদ্যৰ সন্ধানত ৷ দাঁতি কাষৰীয়া গাঁও সমূহত প্ৰৱেশ কৰি কৃষিভূমি গছকি ক্ষতি সাধন কৰাৰ উপৰিও ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলাই এইসমূহ বন্যহস্তীয়ে । বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ গাঁৱৰ ৰাইজে নিজৰ ধাননি পথাৰৰ মাজত পৃথকে পৃথকে সাজি লৈছে একোটা টঙিঘৰ । স্থানীয় ৰাইজে নিশা ঘৰৰ বিপৰীতে টঙিঘৰত থাকি ধাননি পথাৰ ডৰা পহৰা দি আহিছে । কৃষিৰ ওপৰতে নিৰ্ভৰশীল কৃষক ৰাইজে ধান খেতি কৰাৰ উপৰিও অন্যান্য শাক-পাচলিৰ খেতি কৰি পৰিয়ালটোক পোহপাল দি আহিছে ।
লগতে পঢ়ক :দলীয় অনুশাসন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব কংগ্ৰেছেঃ জিতেন্দ্ৰ সিং