অসম

assam

ETV Bharat / state

মালিকপক্ষৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা চিকিৎসালয়ৰ মেনেজাৰৰ ! - Tezpur suicide

মালিকপক্ষৰ নিৰ্যাতনৰ বাবেই জীৱনৰ চূড়ান্ত পথ বাছি ল’লে তেজপুৰৰ এখন নাৰ্ছিং হোমৰ মেনেজাৰে (Manager commits suicide in Tezpur) ৷ পত্নীলৈ বুলি লিখি থৈ যোৱা চুইচাইড নোটত স্পষ্টকৈ লিখি থৈ গ’ল আত্মহত্যাৰ কাৰণ ৷

Manager commits suicide in Tezpur
মালিকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে অনন্ত মেমোৰিয়েলৰ মেনেজাৰে

By

Published : Jan 27, 2022, 7:26 PM IST

Updated : Jan 27, 2022, 8:03 PM IST

তেজপুৰ, ২৭ জানুৱাৰী: মালিকপক্ষৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে তেজপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মেনেজাৰে (Manager commits suicide in Tezpur) ৷ মৃত্যুৰ পূৰ্বেই এটা চুইচাইড নোটত লিখি থৈ গ’ল চূড়ান্ত সিদ্ধান্তৰ কাৰণ ৷

প্ৰদীপ ভূঞাৰ চুইছাইড নোট

মালিক পক্ষৰ নিৰ্যাতনৰ বাবেই এইদৰে মেনেজাৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ল তেজপুৰৰ অনন্ত মেমোৰিয়েল নাৰ্ছিং হোমত (Ananta Memorial Hospital) । উল্লেখ্য যে, নাৰ্ছিং হোমখনৰ মেনেজাৰ প্ৰদীপ ভূঞাই আত্মহত্যাৰ পূৰ্বে লিখা চুইছাইড নোটত পত্নীক উদেশ্যে কৰি ক’লে " মই জি এম দাস আৰু জাহানাৰা বেগমৰ কাৰণে মৰিবলগা হ'ল । 44 হাজাৰৰ কাৰণে মৰিব লগা হ'ল" (Tezpur suicide note)।

মালিকপক্ষৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা চিকিৎসালয়ৰ মেনেজাৰৰ

উল্লেখযোগ্য যে, চতিয়াৰ বাৰ ভূঞা গাঁৱৰ নিবাসী প্ৰদীপ ভূঞাই ডাঃ জি এম দাস আৰু ডাঃ জাহানাৰা বেগমৰ মালিকানাধীন অনন্ত মেমোৰিয়েল নাৰ্ছিং হোমত মেনেজাৰ হিচাপে কৰ্মৰত অৱস্থাত আছিল ।

অভিযোগ মতে, তেওঁ মালিক পক্ষক চিকিৎসালয়ৰ ৪৪,০০০ টকাৰ হিচাপ দিব নোৱাৰাৰ লগতে এই ধনৰাশি সময়মতে ঘূৰাই দিয়াতো ব্যৰ্থ হৈছিল ৷ যাৰ বাবে তেওঁ মালিকপক্ষৰ শাৰিৰীক আৰু মানসিক নিৰ্য্যাতনৰ বলি হ'বলগা হৈছিল বুলি দাবী কৰিছে পৰিয়ালৰ লোকে । ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিষয়টোৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক:জ্যেষ্ঠ সাংবাদিক, লেখক শিৱপ্ৰসাদ বৰাৰ আকস্মিক বিয়োগ

Last Updated : Jan 27, 2022, 8:03 PM IST

ABOUT THE AUTHOR

...view details