তেজপুৰ, ২৪ জুন: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অঘটন । শুক্ৰবাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত দুই কয়দীৰ মাজত লাগিল মাৰপিটৰ ঘটনা (Two prisoners fight in Tezpur Central Jail)। পিছত এই মাৰপিটৰ ঘটনাই ল'লে ভয়াৱহ ৰূপ । ঘটনাৰ বিৱৰণি মতে, কেন্দ্ৰীয় কাৰাগৰাৰ ভিতৰত ভাস্কৰ নাথ নামৰ আন এজন কয়দীক ড্ৰাগছ সেৱন কৰি থকা প্ৰত্যক্ষ কৰি মহীদুল ইছলাম নামৰ আন এজন কয়দীয়ে বাধা প্ৰদান কৰে ( Drugs supply in Tezpur Central Jail) ।
ইয়াকে লৈ দুয়োজন কয়দীৰ মাজত আৰম্ভ হয় মাৰপিট । উক্ত ঘটনাত ভাস্কৰ নাথ নামৰ কয়দীজন গুৰুতৰ ভাৱে আহত হোৱাত কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।