অসম

assam

ETV Bharat / state

শোণিতপুৰত ১৯ এপ্ৰিলৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশ

বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 19 এপ্ৰিলৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে প্ৰাথমিকৰ লগতে ৫ম শ্ৰেণীলৈকে বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । শোণিতপুৰ জিলাত দেওবাৰলৈকে নতুনকৈ ১৪৭ গৰাকী লোক ক’ভিড 19 ত আক্ৰান্ত হৈছে ৷

primary-school-will-be-close-from-19-april-due-covid-19-cases-increases
শোণিতপুৰ জিলাত ১৯ এপ্ৰিলৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশনা

By

Published : Apr 18, 2021, 8:58 PM IST

তেজপুৰ,১৮ এপ্ৰিল: শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে এক নিৰ্দেশনা জাৰি কৰিছে । উপায়ুক্তই সমগ্ৰ শোণিতপুৰ জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে 19 এপ্ৰিলৰ পৰা প্ৰাথমিকৰ লগতে ৫ম শ্ৰেণীলৈকে বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

এক নিৰ্দেশনা অনুসৰি নতুনকৈ ১০০ ৰো অধিক ব্যক্তিৰ দেহত ভাইৰাছবিধৰ সংক্ৰমণ হোৱা বাবে জিলাখনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । শোণিতপুৰত দেওবাৰলৈকে নতুনকৈ ১৪৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে । তেজপুৰ মেডিকেল কলেজ হাস্পতালত ২১ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি

ABOUT THE AUTHOR

...view details