অসম

assam

ETV Bharat / state

চতিয়াৰ কন্যকা পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ, সংবাদমেল সম্বোধন - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ 'কন্যকা' বহুমুখী পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ইয়াৰ পাচতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

সংবাদমেল সম্বোধন
চতিয়াৰ কন্যকা পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

By

Published : Jun 12, 2020, 9:44 AM IST

চতিয়া, 12 জুন : শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ কেতবোৰ বিশেষ কাৰ্যসূচীত ভাগ লোৱাৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত জীয়া ভৰলী নদীৰ পাৰত গঢ় লৈ উঠা' 'কন্যকা' বহুমুখী পামখন পৰিদৰ্শন কৰে ৷ লগতে উক্ত কৃষিপামতে বিয়লি অনুষ্ঠিত হোৱা এক সংবাদমেলত চতিয়া সমষ্টিৰ কৃষি বিপ্লৱৰ ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

চতিয়াৰ কন্যকা পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

সংবাদমেলত কৃষিকৰ্মৰ জৰিয়তে দেশৰ উন্নয়ন সম্ভৱ বুলি কোৱাৰ লগত ৰাজ্যৰ 33 খন জিলাৰ যুৱশক্তিয়ে কৃষিকৰ্মৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱাটো অতি প্ৰয়োজন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত অভিযানত আত্মনিয়োগ কৰাৰ বাবে সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

চতিয়াৰ কন্যকা পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

২০০৮ বৰ্ষতেই জন্মলাভ কৰা উত্তৰপৰীয়া কন্যকা বহুমুখী পামৰ বৰ্তমানৰ সফলতাত উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷ স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাক শলাগ লোৱাৰ উপৰি কৃষিৰ ক্ষেত্ৰত সফলতা লাভ কৰা কৃষকসকলক উৎসাহ যোগাবলৈ সাংবাদিক সকলক আহ্বান জনাই তেওঁ ৷

উল্লেখযোগ্য যে, চতিয়া সমষ্টি ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে ঢেঁকীয়াজুলিৰ বিধায়ক অশোক সিংঘাল ৷

লগতে পঢ়ক : বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

ABOUT THE AUTHOR

...view details