চতিয়া, 17 জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীত কংগ্ৰেছে অনুমতি নোলোৱাকৈ বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ ব্যৱহাৰ কৰিবলৈ বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ জামুগুৰিহাটত ৷ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী কমিটিয়ে এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সমিতিৰ অভিযোগ অনুসৰি পকামূৰা পথাৰ ব্যৱহাৰৰ বাবে অনুমতি লোৱা নাই কংগ্ৰেছ দলে ৷
ইফালে আজি বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ কোনো কাৰণতেই ব্যৱহাৰৰ বাবে অনুমতি নিদিয়াৰ বিষয়ে ব্যক্ত কৰে বাৰেচহৰীয়া ভাওনা সমিতিয়ে ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত এক সংবাদমেলত এই কথা স্পষ্ট কৰিলে বাৰেচহৰীয়া ভাওনা সমিতিৰ বিষয়ববীয়াই ৷ সামাজিক মাধ্যমত কংগ্ৰেছে প্ৰচাৰ কৰা এক বাৰ্তাৰ আলম লৈ অনুষ্ঠিত কৰা এই সংবাদমেলত বাৰেচহৰীয়া ভাওনা সমিতিৰ বিষয়ববীয়াসকলে এই বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হোৱা পকামূৰা পথাৰখন এখন অৰাজনৈতিক পথাৰ বুলি উল্লেখ কৰে ৷ লগতে এনে এখন ঐতিহ্যমণ্ডিত তথা ইতিহাসপ্ৰসিদ্ধ পথাৰত কোনো ৰাজনৈতিক দলৰ ৰং সানিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি একপ্ৰকাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী এইখন পথাৰত নিষিদ্ধ বুলি ঘোষণা কৰে বাৰেচহৰীয়া ভাওনা সমিতিয়ে ৷