অসম

assam

ETV Bharat / state

ৰঙাপৰাত সংযুক্ত বড়ো গণ মঞ্চৰ সংবাদমেল - সংযুক্ত বড়ো গণ মঞ্চ

বিধানসভাত বড়ো-কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত বিধেয়কখন উত্থাপন নোহোৱাত সন্তুষ্টি প্ৰকাশ কৰে সংযুক্ত বড়ো গণ মঞ্চৰ শোণিতপুৰ জিলা সমিতিয়ে ৷

সংবাদমেল
সংবাদমেল

By

Published : Sep 3, 2020, 7:42 PM IST

ৰঙাপৰা, 3 চেপ্তেম্বৰ:সংযুক্ত বড়ো গণ মঞ্চ, শোণিতপুৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে ৰঙাপৰাত এখন সংবাদমেল সম্বোধন কৰে ৷ বিধানসভাত বড়ো-কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত বিধেয়কখন উত্থাপন নোহোৱাত সন্তুষ্টি প্ৰকাশ কৰে সংগঠনটোৱে ৷ সংগনটোৰ উপ-সভাপতি নবীন বসুমতাৰীয়ে উল্লেখ কৰে, শোণিতপুৰ-বিশ্বনাথ জিলাক বাদ দি বড়ো-কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিধেয়কখন গৃহীত হ'ব নোৱাৰে ৷

ৰঙাপৰাত সংযুক্ত বড়ো গণ মঞ্চ, শোণিতপুৰ জিলা সমিতিৰ সংবাদমেল

যি সময়ত ৰাজ্যৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মৰ চূড়ান্ত হেমাহি, কুটিল ৰাজনীতি আৰু বিশ্বাসঘাতকাৰ বাবেই বিধান সভাৰ অধিবেশনত বড়ো-কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টো উত্থাপিত নোহোৱাৰ অভিযোগ তুলি ঠাই বিশেষে ৰাইজে প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, তেনে সময়ত একেটা মঞ্চৰে শোণিতপুৰ জিলা সমিতিয়ে সন্তুষ্টিহে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:আধাৰ কাৰ্ডৰ নামত তেজপুৰত ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা উলংঘা

ABOUT THE AUTHOR

...view details