তেজপুৰ, 26 ফেব্ৰুৱাৰী :দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ শনিবাৰে পুৱা উপস্থিত হয় তেজপুৰ বিশ্ববিদ্যালয়ত (President Ramnath Kovind at Tezpur University) ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ 19 তম সমাৱৰ্তন সমাৰোহ (Convocation of Tezpur University) ত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকী আপ্লুত হৈ পৰে ৷ প্ৰাকৃতিক আঁকৰৰে ভৰপুৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সৌন্দৰ্যত মুগ্ধ হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে অসমলৈ আহি আনন্দিত হোৱা বুলি উল্লেখ কৰে ৷
ছাত্ৰ-ছাত্ৰীসকলক অসমীয়াতে শুভেচ্ছা জ্ঞাপন কৰি ৰাষ্ট্ৰপতি কোবিন্দে তেজপুৰৰ ত্ৰিমূৰ্তি ক্ৰমে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা আৰু ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ প্ৰসংগৰে ভাষণ আৰম্ভ কৰে ৷ ৰাষ্ট্ৰপতি কোবিন্দে অনুষ্ঠানত উপস্থিত বিশ্ববিদ্যালয়খনৰ পৰা ডিগ্ৰী আৰু ডিপ্ল’মা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃসকলক অভিবাদন জনায় ৷
ইয়াৰ পিছতে ভাষণ প্ৰসংগত দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, অসম বহুতো সম্ভাৱনাপূৰ্ণ ৰাজ্য ৷ প্ৰাকৃতিক সম্পদ বিকাশৰ লগতে অসমৰ থলুৱা কৃষি ব্যৱস্থা লেখত ল’বলগীয়া ৷ অসমৰ জহা চাউল আৰু তেজপুৰৰ আনাৰসৰ উৎপাদনৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় আছে ৷ যাৰ বাবে বৰ্তমান বিশ্ববিদ্যালয়ৰ ফুড প্ৰচেছিং বিভাগৰ গ’ল্ড মেডেল পোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল সুবিধা আছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
শনিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত সৰ্বমুঠ 1,247 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 47 গৰাকীয়ে সোণৰ পদক লাভ কৰে ৷ ইয়াৰ ভিতৰত 16 গৰাকী আন্তৰাষ্ট্ৰীয় শিক্ষাৰ্থীয়ে ডিগ্ৰী-ডিপ্ল’মা লাভ কৰে ৷ উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ভাগ লোৱা দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতিৰূপে পৰিচিত হৈছে ৰামনাথ কোবিন্দ ৷ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে দেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ পৰিদৰ্শনক শলাগ লয় ৷