তেজপুৰ, ৭ এপ্ৰিল:তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ (President Droupadi Murmu Assam visit) ৷ 6 এপ্ৰিলত বিয়লি যোৰহাটৰ ৰ’ৰৈয়া বিমানবন্দৰত অৱতৰণ কৰাৰ পিচতেই ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনাইছিল গৱৰ্ণৰ গুলাব চান্দ কাটাৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
অহা 8 এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ অত্যাধুনিক যুঁজাৰু বিমান ছুখয়ত উঠি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লে কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ( Lt Colonel Mahendra Rawat) ৷ ৰাষ্ট্ৰপতিগৰাকীক বায়ুসেনা ঘাটিলৈ আদৰণি জনাব ভাৰতীয় বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ এছ পি ধাৰাৰাৰে (President Droupadi Murmu will be in Tezpur) ৷
ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাত উপস্থিত থাকিব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ (Assam Governor Gulab Chand Kataria) লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (President Murmu to visit Sukhoi fighter jet) ৷ ইফালে শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park)ৰ বাগৰি ৰেঞ্জত জীপ ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে কহৰাৰ গজ উৎসৱত অংশগ্ৰহণ কৰি হাতী ছাফাৰী কৰে (President Droupadi Murmu at Kaziranga) ৷