অসম

assam

ETV Bharat / state

Assam Rifles DG প্ৰদীপ চন্দ্ৰন নায়াৰলৈ অতি বিশিষ্ট সেৱা পদক - সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ড

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক বিশেষ অনুষ্ঠানত অসম ৰাইফলছৰ শীৰ্ষ বিষয়াগৰাকীক প্ৰদান কৰে এই সন্মানীয় অতী বিশিষ্ট সেৱা পদক (Prestigious Ati Vishisht Sewa Medal) । ইয়াৰ পূৰ্বে তেওঁ যুদ্ধ সেৱা পদক আৰু সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ডৰ দ্বাৰাও প্ৰশংসা কৰা হৈছিল ।

DG Assam Rifles
DG Assam Rifles প্ৰদীপ চন্দ্ৰন নায়াৰক প্ৰদান অতী বিশিষ্ট সেৱা পদক

By

Published : Nov 23, 2021, 5:40 PM IST

তেজপুৰ,২৩ নৱেম্বৰ :অসম ৰাইফলছৰ ২১ সংখ্যক সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰক সন্মানীয় অতি বিশিষ্ট সেৱা পদক (prestigious Ati Vishisht Seva Medal) প্ৰদান কৰা হয় ৷ অসম ৰাইফলছৰ শীৰ্ষ বিষয়াগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President of India Ram Nath Kovind awards Ati Vishisht Sewa Medal to Lt. Gen PC Nair) প্ৰদান কৰে এই সন্মান ।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান গৰাকীক ইতিমধ্যেই সেনাৰ সেৱা মেডেলেৰে (Yudh Seva Medal) সন্মানীত কৰা হৈছিল ৷

নাগালেণ্ডৰ অসম ৰাইফলছৰ (উত্তৰ) মহা-পৰিদৰ্শক হিচাপে তেওঁ সফল হোৱাৰ বাবেই বিষয়াজনক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে । মণিপুৰত অসম ৰাইফলছৰ ব্ৰিগেড কামাণ্ডাৰ হৈ থকাৰ সময়ত তেওঁক যুদ্ধ সেৱা পদকৰে সন্মানিত কৰা হৈছিল আৰু তিনিবাৰ সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ডৰ দ্বাৰাও প্ৰশংসিত হৈছিল ।

লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰৰ উত্তৰ-পূৰ্বাঞ্চলত ৰণ কৌশলৰ আছে সম্পূৰ্ণ অভিজ্ঞতা । পূৰ্বে অসমত তেওঁ 18 sikh regiment ক কামাণ্ড কৰিছিল, ইয়াৰ পিছত মণিপুৰত ব্ৰিগেড কমাণ্ডাৰ আৰু শেহতীয়াকৈ নাগালেণ্ডত তেখেতক অসম ৰাইফলছৰ মহা-পৰিদৰ্শক হিচাপে দায়িত্ব দিয়া হৈছে । উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসম ৰাইফলছৰ মহাপৰিদৰ্শক (উত্তৰ) হিচাপে তেওঁৰ বিশাল অভিজ্ঞতাই অঞ্চলটোত শান্তি কঢ়িয়াই অনাৰ লগতে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান হিচাপে তেখেতৰ বৰ্তমানৰ নিযুক্তিত, উত্তৰ-পূৰ্বাঞ্চলবাসী(People of North East) যথেষ্ট লাভান্বিত হ'ব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক:Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ

ABOUT THE AUTHOR

...view details