অসম

assam

ETV Bharat / state

Draupadi Murmu Assam visit: তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখয়েৰে ৰাষ্ট্ৰপতিৰ উৰণ - Tezpur Air Force Base

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে তেজপুৰ বায়ুসেনাৰ ঘাটিত দেশৰ অত্যাধুনিক যুঁজাৰো বিমান চুখয় ৩০ এম কে আই বিমানত উঠি অসম পৰিদৰ্শন কৰে (Draupadi Murmu travelled through sukhoi 30 mki) । উল্লেখ্য যে, চুখয় বিমানত পৰিভ্ৰমণৰ কৰা দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ল মূৰ্মু ৷

Draupadi Murmu Assam visit
Draupadi Murmu Assam visit

By

Published : Apr 8, 2023, 11:06 AM IST

Updated : Apr 8, 2023, 2:20 PM IST

তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখয়েৰে ৰাষ্ট্ৰপতিৰ উৰণ

তেজপুৰ, 8 এপ্ৰিল:আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অসম ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিন ৷ তৃতীয় দিনটোত তেজপুৰৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হৈ চুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে চফৰ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ উল্লেখ্য যে, তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা চুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে চফৰ কৰা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মূৰ্মু ৷ ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে পুনেৰ বায়ুসেনাৰ এয়াৰ বেছৰ পৰা চুখয় বিমানত উঠি ভ্ৰমণ কৰিছিল (Draupadi Murmu travelled through sukhoi 30 mki) ৷

তেজপুৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা যুদ্ধ বিমানেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিভ্ৰমণ কৰা এই যাত্ৰা অতি তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷ কাৰণ মাত্ৰ কেইদিনমান পূৰ্বে চীনে অৰুণাচল প্ৰদেশৰ 11 টা স্থানত নিজৰ বুলি নামকৰণ কৰিছিল আৰু আৰু সেই স্থানসমূহৰ ওপৰত নিজৰ সাৰ্বভৌমত্ব দাবী কৰিছল ৷

দেশৰ তিনিটা সেনা ক্ৰমে স্থল সেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীগৰাকীক আদৰণি জনায় ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুৰব্বী এ অ চি ইন চি, এছ পি ধানকাৰে ৷ লগতে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় ৷

উৰণৰ পূৰ্বে ৰাষ্ট্ৰপতি মূৰ্মু

উল্লেখ কৰা প্ৰয়োজন যে চুখয় যুদ্ধ বিমান দুজন পাইলটৰ আসন থকা এক অত্যাধুনিক বিমান ৷ শব্দতকৈ দুগুণ গতিবেগ থকা চুখয় বিমানত সহ পাইলটৰ আসনত বহি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি মূৰ্মুয়ে গঢ়িলে এক অভিলেখ ৷ কেপ্টেইন নবীন কুমাৰ তিৱাৰীৰ সৈতে চুখয় বিমানত চফৰ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

মন কৰিব লগীয়া যে, তেজপুৰৰ বায়ুসেনা বাহিনীৰ ঘাটি দেশৰ ভিতৰতে এক অন্যতম যুঁজাৰো বিমান ঘাটি হিচাবে পৰিচিত ৷ এই বিমান ঘাটি 192-43 চনত প্ৰথমবাৰৰ বাবে ব্ৰিটিছে নিৰ্মাণ কৰিছিল যদিও পৰৱৰ্তী সময়ত 1959 চনৰ 29 ছেপ্টেম্বৰত বায়ুসেনাৰ পূৰ্ণাংগ ঘাটিত পৰিণত হয় ৷ দেশৰ 60খন বায়ুসেনা ঘাটিৰ ভিতৰতে অন্যতম যুঁজাৰো বিমান প্ৰশিক্ষণ কেন্দ্ৰ হৈছে তেজপুৰৰ বায়ুসেনাৰ ঘাটি ৷ বৰ্তমান দেশৰ প্ৰথম শাৰীৰ যুদ্ধ জাহাজ চুখয় ৩০ এম কে আইৰ বৃহৎ ঘাটি আন্তঃৰাষ্ট্ৰীয় সীমান্ত তিব্বত, চীন , ম্যানমাৰ আৰু বাংলাদেশে আগুৰি আছে (Tezpur Air Force Base) ৷

চীন-ভাৰত সীমান্তৰ ওচৰৰ তেজপুৰ বিমান ঘাটিত ৰাছিয়াত নিৰ্মিত চুখয়-30 MKI যুঁজাৰু বিমানৰ দুটা স্ক্ৱাড্ৰন প্ৰথম অৱস্থাত নিয়োগ কৰিছিল চীনৰ ওপৰত আকাশী পথৰে নিখুঁত আক্ৰমণ চলোৱাৰ লক্ষ্যৰে ৷ ভাৰতৰ যুঁজাৰু বিমানসমূহ শেহতীয়াকৈ ব্ৰহ্মছ এয়াৰ টু গ্ৰাউণ্ড ছুপাৰছ’নিক মিছাইলেৰে সজ্জিত কৰা হৈছে আৰু ইয়াৰ ৰেঞ্জ ১৮০ মাইল (President Draupadi Murmu Assam visit)।

লগতে পঢ়ক :Weaver Hemprabha Chutia : মৰাণত পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি

Last Updated : Apr 8, 2023, 2:20 PM IST

ABOUT THE AUTHOR

...view details