অসম

assam

ETV Bharat / state

Har Ghar Tiranga: জাতীয় পতাকা প্ৰস্তুতি ব্যস্ত তেজপুৰৰ এদল মহিলা - ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)৷ সমান্তৰালকৈ ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী সফলমণ্ডিত কৰাত ব্ৰতী হৈ পৰিছে তেজপুৰ একাংশ মহিলা ৷

Preparations for making of national flag by women's group in Tezpur
মহিলা গোটৰ উদ্যোগত জাতীয় পতাকা তৈয়াৰৰ প্ৰস্তুতি

By

Published : Jul 26, 2022, 3:03 PM IST

তেজপুৰ, ২৬ জুলাই : ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ তিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) । জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী সফলমণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো ইয়াৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷ এতিয়া ঘৰে ঘৰে মহিলাসকল ব্যস্ত হৈ পৰিছে তিনি বৰণীয়া জাতীয় পতাকা চিলোৱাত । তেজপুৰৰ একাংশ মহিলাই পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰিবলৈ পাই যথেষ্ট আনন্দিত বুলি উল্লেখ কৰে ।

মহিলা গোটৰ উদ্যোগত জাতীয় পতাকা তৈয়াৰৰ প্ৰস্তুতি

তেজপুৰ সদৰৰ অধীনত নেচনেল আৰ্বাণ লাইভলিহুদ মিছনৰ দ্বাৰা 30 গৰাকী মহিলাই লগত অন্যান্য গোট সমূহৰ জৰিয়তে বৰ্তমানলৈকে প্ৰায় 2 হাজাৰ খন পতাকা প্ৰস্তুত কৰি উলিয়াইছে ৷ জিলাখনৰ মুঠ 334 টা আত্মসহায়ক গোটৰ দ্বাৰা 137136 খন পতাকা প্ৰস্তুতিৰ লক্ষ্য বান্ধি দিয়া হৈছে ইয়াৰ ভিতৰত 25 জুলাইলৈকে 46477 খন ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে লগতে ইয়াৰে 23024 খন 18 টা বিভিন্ন বিপনীত বিক্ৰী কৰা হৈছে ।

লগতে পঢ়ক :Making bricks from plastic: প্লাষ্টিকৰ পৰা ইটা নিৰ্মাণ কৰি চৰ্চাত এগৰাকী অধ্যাপক

ABOUT THE AUTHOR

...view details