গগনাৰ মাতত মুখৰিত হৈ পৰিছে তেজপুৰৰ চৌদিশ তেজপুৰ, ২১ মাৰ্চ:এইবাৰ বহাগ বিহুত ১১ হাজাৰ নাচনী-ঢুলীয়া-পেঁপুৱা-তালিৱাৰ সৈতে বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম চৰকাৰ (Guinness Book of World records Assam Bihu) ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে এই লৈ ব্যস্ততাৰ অন্ত নাই ৷ প্ৰতিখন জিলাতে চলিছে বিহুৰ আখৰা ৷ ইতিমধ্য় জোৰদাৰ গতিত চলিছে বাচনি প্ৰক্ৰিয়া ৷ শেহতীয়াকৈ তেজপুৰত বাচনি প্ৰক্ৰিয়া সম্পন্ন হৈছে ৷ ঢোল-পেঁপা আৰু গগনাৰ মাতত মুখৰিত হৈ পৰিছে তেজপুৰৰ চৌদিশ । এতিয়া জিলাখনত চলিছে বিহুৰ আখৰা তথা কৰ্মশালা । অহা ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখ গঢ়িবৰ বাবে সাজু অসমৰ বিহু শিল্পীসকল ।
শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত ১২০০ গৰাকী ঢুলীয়া-নাচনীক প্ৰশিক্ষণৰ অন্তত মূল পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছে । শোণিতপুৰ জিলাৰ তিনি ঠাইত এই বিহুৰ প্ৰশিক্ষণ আৰম্ভ হৈছে । অসম চৰকাৰৰ সংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত তেজপুৰ জ্যোতি ভাৰতী আৰু আৰু জিলা প্ৰশাসনে যুদ্ধ কালীন প্ৰস্তুতি আৰম্ভ কৰিছে । এই প্ৰশিক্ষণ জিলাখনৰ তেজপুৰ হলেশ্বৰ বেবেজিয়া তিনিআলিত অনুষ্ঠিত হৈছে ।
এই বিহুৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰলৈ আহিব বুলি জ্যোতি ভাৰতীৰ বিষয়া জিতেন দাসে সদৰী কৰিছে । ইপিনে, প্ৰশিক্ষণথলীত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই উপস্থিত হৈ প্ৰস্তুতিৰ তদাৰক কৰিছে । উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই সন্দৰ্ভত কয় যে মুঠ ১১০০ বিহুৱা-নাচনী নিৰ্বাচিত হোৱাৰ উপৰি ১৫০ গৰাকীক জৰুৰীকালীন অংশগ্ৰহণৰ বাবে সাজু ৰখা হ'ব ।
বিহু গ্ৰীনিজ বুকত অন্তৰ্ভুক্ত হোৱা আৰু বিশ্ব অভিলেখ গঢ়াৰ বিষয়টো প্ৰতিগৰাকী অসমবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰিছে প্ৰশিক্ষক আৰু মূল পৰ্যায়লৈ নিৰ্বাচিত হোৱা নাচনীসকলে (Bihu dance Guinnes book of world record)। ইপিনে, বিহু নাচি গ্ৰীনিজ বুকত বিহু অন্তৰ্ভুক্ত কৰি বিশ্ব অভিলেখ গঢ়িবলৈ আগবঢ়াৰ বাবে সুযোগ লাভ কৰা বিহুৱা-বিহুৱতী সকলেও গৌৰৱাম্বিত বুলি মন্তব্য় কৰিছে (Guinness Book of World records)।
লগতে পঢ়ক:Lakhimpur murder case: জালত পৰি মোমায়েকৰ তেজেৰে হাত ৰাঙলী কৰা ইমাম ছফিকুল