অসম

assam

ETV Bharat / state

Baresahariya Bhaona : ২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতি তুংগত - Assamese Bhaona

ঐতিহাসিক বাৰেচহৰীয়া ভাওনালৈ মাজত মাত্ৰ 20 দিন বাকী আছে ৷ 226 সংখ্যক ভাওনা মহোৎসৱৰ বাবে প্ৰস্তুতি ইতিমধ্যে তুংগত উঠা পৰিলক্ষিত হৈছে ৷ ৫০ বিঘা এলেকাত ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ প্ৰায় 50 বিঘা ভূমিত অনুষ্ঠিত হ’ব জামুগুৰি হাটৰ বাৰেচহৰীয়া ভাওনা (Baresahariya Bhaona) ৷

Baresahariya Bhaona
২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতি তুংগত

By

Published : Feb 15, 2023, 6:03 PM IST

তেজপুৰ, ১৩ ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দুশ বছৰীয়া ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ (Baresahariya Bhaona) মাজত মাত্ৰ 20 টা দিন । ইয়াকে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে জামুগুৰিহাটৰ পকামোৰা পথাৰত ৷ ২২৬ সংখ্যক এই ভাওনা মহোৎসৱৰ (226th Baresahariya Bhaona Jamugurihat) বাবে দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সমাগত হয় ৷ এই ভাওনা মহোৎসৱৰ আছে ঐতিহ্য ৷ শংকৰী, সনাতন, একশৰণ আদৰ্শৰ অনুপ্ৰেৰণা আৰু একান্ত ভকতিৰ মূৰ্তিমান প্ৰকাশ এই বাৰেচহৰীয়া ভাওনা মহোৎসৱ ।

প্ৰত্যেক চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই ভাওনা মহোৎসৱ উত্তৰ অসম তথা বৰ্তমান ভাৰতবৰ্ষৰ এক লেখত ল’বলগীয়া মহোৎসৱ হিচাবে পৰিগণিত হৈছে । শোণিত কোঁৱৰ গজেন বৰুৱা এই ভাওনাক জামুগুৰিহাটৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি ৷

বৰুৱাই ১৭৯৭-৯৮ চনত আৰম্ভ হোৱা এই ভাওনাৰ ১৯৬৯ চনত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এক নতুন মাত্ৰা প্ৰদান কৰে ৷ এই মহোৎসৱৰ আছে এক বিশেষ বৈশিষ্ট্য আছে ৷ একেলগে ২০-৩০ খন ভাওনা প্ৰদৰ্শিত হয় উক্ত ভাওনা মহোৎসৱত (Significance of Baresahariya Bhaona) ৷

প্ৰায় ৪০০ ৰো অধিক গায়ন-বায়ন, ঘোষা, ডবা, বৰকাঁহ, শংখ বাজে ভাওনা থলীত ৷ ভোৰতাল, কালী, নাগাৰা, খোলৰ শব্দত জামুগুৰিহাটত এক সুকীয়া পৰিৱশে বিৰাজ কৰে ৷ মণ্ডপৰ আকৃতি এপাহ পদুম ফুলৰ আৰ্হিত গাঁৱৰ ৰাইজে বহুদিনৰ পৰা সংগ্ৰহ কৰা খেৰ-খাগৰি, বাঁহেৰে সাজি উলিয়ায় ৷ ভিতৰত নিৰ্মাণ কৰা হয় ২০-৩০ টা নামঘৰৰ চক্ৰাকাৰ আৰু মণ্ডপৰ সোঁ-মাজত প্ৰতিষ্ঠা কৰা হয় ভাগৱত আৰু নামঘৰৰ চক্ৰৰ মাজৰ উমৈহতীয়া গোলাকাৰ অংশত ধ্ৰুপদী পদচালনাৰে খোল-তাল বজাই দৰ্শকক অভিভূত কৰি তোলে ।

প্ৰতিটো নামঘৰৰ মাজেৰে একেলগে সূত্ৰই প্ৰৱেশ কৰে ৷ এইবাৰ এই ভাওনা মহোৎসৱত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীও উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ৷ ইতিমধ্যে কাৰিকৰী বিভাগৰ লোকসকল ব্যস্ত হৈ পৰিছে বিভিন্ন সাজ-সজ্জা তৈয়াৰ কৰাত ৷ মূল তোৰণৰ নিৰ্মাণৰ কাম চলি আছে চেঁচা সত্ৰত বিভিন্ন আকৰ্ষণীয় কাৰুকাৰ্যৰে ৷

মুঠ ৫০ বিঘা এলেকাত পকামোৰা পথাৰত অহা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই ভাওনা মহোৎসৱ প্ৰথম দিনা গন্ধগাই ভাওনাথলী মুকলি কৰি ৭ আৰু ৮ মাৰ্চত ভাওনা অনুষ্ঠিত কৰিব আৰু ৯ মাৰ্চত বাৰেৰহনীয়া লোক-সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত কৰা সহ’ব ৷ মূল তোৰণৰ মুখ্যদ্বাৰত তিনিটা বাটচ’ৰা আৰু মুখ্যদ্বাৰত জয়-বিজয়ৰ চিত্ৰ প্ৰতিফলিত থাকিব ৷ ইয়াৰোপৰি পদৰ্শনী তোৰণৰ দুয়োফালে দুখন শৰাই আৰু তাৰ ওপৰত হৰধনু বাঁহেৰে নিৰ্মাণ কৰিব শৰাই আৰু চৰাই ৷

লগতে পঢ়ক:Ali Ai Ligang 2023: ঐনিতমৰ সুৰেৰে মুখৰিত গহপুৰৰ আকাশ-বতাহ

ABOUT THE AUTHOR

...view details