অসম

assam

ETV Bharat / state

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো লোকসভা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

তেজপুৰ লোকসভাত মুঠ 14,98,878 ভোটাৰে নিৰ্ণয় কৰিব 7 জন প্ৰাৰ্থীৰ ভাগ্য, সাজু ভোটাৰ ৰাইজ

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো লোকসভা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

By

Published : Apr 10, 2019, 2:23 PM IST

তেজপুৰ , 10 এপ্ৰিলঃ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল তেজপুৰ দৰং মহাবিদ্যালয়ৰ পৰা 1,880 টা ভোট গ্ৰহণ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷ এই নিৰ্বাচনত 14,98,878 ভোটাৰে নিৰ্ণয় কৰিব 7 জন প্ৰাৰ্থীৰ ভাগ্য ৷

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো লোকসভা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

তেজপুৰ লোকসভাৰ নিৰ্বাচনী বিষয়া তথা শোণিতপুৰ জিলা উপায়ুক্ত নাৰসিং পাৱাৰে জনোৱা অনুসৰি শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে 1,118 টা ভোট কেন্দ্ৰ আছে ৷ উল্লেখ্য যে তেজপুৰ বিধানসভাত মুঠ 1,80,319 ভোটাৰৰ বিপৰীতে 227 টা ভোট কেন্দ্ৰ আছে আৰু ইয়াৰে ভিতৰত 30 টা মহিলাৰ বাবে সংৰক্ষিত ভোট কেন্দ্ৰ ৷ ইপিনে ঢেকীয়াজুলিত 2, 3,737 ভোটাৰৰ বিপৰীতে ভোট কেন্দ্ৰ 253 টা,ৰঙাপৰা সমষ্টিৰ 1,55,365 ভোটাৰৰ বাবে 197 টা, চতিয়া সমষ্টিৰ ভোটাৰ 1,80,463টা আৰু ভোট কেন্দ্ৰৰ সংখ্যা 228 টা ৷ আনহাতে বৰচলা সমষ্টিৰ 1,61,677 ভোটাৰৰ বাবে আছে 213 টা ভোট কেন্দ্ৰ ৷ বিশ্বনাথ জিলাত তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত বিশ্বনাথ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,57,254 আৰু ভোট কেন্দ্ৰৰ সংখ্যা 198 টা ৷ ইপিনে বিহালী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 1,19,949 আৰু ভোট কেন্দ্ৰ 154 টা, গহপুৰ সমষ্টিৰ 1,90,897 ভোটাৰৰ বিপৰীতে আছে 228 টা ভোট কেন্দ্ৰ ৷ ইয়াৰোপৰি তেজপুৰ লোকসভাৰ অন্তৰ্গত লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত 1,45,227টা ভোটাৰৰ বিপৰীতে আছে 182 টা ভোট কেন্দ্ৰ ৷ উল্লেখ্য যে ইয়াত মুঠ 6,112 গৰাকী কৰ্মচাৰী নিযুক্ত হৈ আছে ।

ABOUT THE AUTHOR

...view details