তেজপুৰ, ১৬ ফেব্ৰুৱাৰী: অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত নিৰ্মাণ কৰিব 'কা' আন্দোলনৰ পাঁচগৰাকী শ্বহীদৰ স্মৃতিসৌধ । মঙলবাৰে তেজপুৰত এই কথা ঘোষণা কৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ সাংসদ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ কয় যে, বিজেপিয়ে 'কা' আন্দোলন অতীত হ'ল বুলি ক'লেও কংগ্ৰেছে ৫ গৰাকী শ্বহীদৰ ত্যাগক পাহৰা নাই । সেয়েহে, তেওঁলোকৰ সোঁৱৰণত কংগ্ৰেছে গুৱাহাটীত নিৰ্মাণ কৰিব 'কা' আন্দোলনৰ শ্বহীদৰ স্মৃতিসৌধ ।
'কা' আন্দোলনৰ শ্বহীদৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব কংগ্ৰেছে: প্ৰদ্যুৎ বৰদলৈ - পদুম পুখুৰীৰ পাৰ
উদ্দেশ্য যিয়েই নহওক কিয়, প্ৰাণ আহুতি দিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । মঙলবাৰে তেজপুৰ চহৰৰ মাজমজিয়াত থকা পদুম পুখুৰীৰ পাৰত থকা ভাষা আন্দোলনৰ শ্বহীদৰ স্মৃতিসৌধৰ সন্মুখত ৰৈ ৫ গৰাকী শ্বহীদক স্মৰণ কৰাৰ লগতে কংগ্ৰেছে গুৱাহাটীত 'কা' আন্দোলনৰ শ্বহীদৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে সাংসদগৰাকীয়ে ।
লগতে সাংবাদিকে কংগ্ৰেছৰ শাসন কালত ভাষা আন্দোলনৰ সময়ত ৫ গৰাকী অসমীয়াই প্ৰাণ আহুতি দিবলগীয়া কাৰ্য দুৰ্ভাগ্যজনক হয়নে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, উদ্দেশ্য অথবা কাৰণ যিয়েই নহওক কিয়, প্ৰাণ আহুতি দিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক । মঙলবাৰে সাংসদগৰাকীয়ে তেজপুৰ চহৰৰ মজিয়াত থকা পদুম পুখুৰীৰ পাৰত থকা ভাষা আন্দোলনৰ শ্বহীদৰ স্মৃতিসৌধৰ সন্মুখত ৰৈ ঘোষণা কৰে যে, ভাষা আন্দোলনৰ পঞ্চ শ্বহীদৰ স্মৃতিসৌধৰ দৰে গুৱাহাটীতো অসম প্ৰদেশ কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদৰ স্মৃতিত প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ।
বিজেপি দলে 'কা', আন্দোলনৰ শ্বহীদক অতীত বুলি কৰা মন্তব্যৰ পিছতে প্ৰদ্যুৎ বৰদলৈয়ে মঙলবাৰে এই কথা ঘোষণা কৰে । কংগ্ৰেছ দলে গুৱাহাটীৰ কোনো স্থানত গুৱাহাটীৰ চেমছ ষ্টেফৰ্ড, ছয়গাঁৱৰ দীপাংকৰ দাস, ওদালগুৰিৰ ঈশ্বৰ নায়ক, ডিব্ৰুগড়ৰ দ্বিজেন আৰু বৰপেটাৰ আব্দুল আলিমৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ।
লগতে পঢ়ক:পৰ্যটকক হাতবাউল দি মাতিছে ডিব্ৰুগড়ৰ সাহিত্য মণিষী উপবনে