তেজপুৰ, ৯ অক্টোবৰ : যিকোনো পৰিস্থিতিৰ বাবে সদা প্ৰস্তুত ভাৰতীয় সেনা জোৱান ৷ যাৰ বাবে প্ৰত্যেক দিনাই কঠোৰ অনুশীলনত বৰ্তী থাকে ভাৰতীয় সেনা জোৱানসকল ৷ বৰ্তমান ভাৰতীয় সেনাৰ ষ্ট্ৰাইকিং লায়ন ডিভিজন, ত্ৰিশক্তি কৰ্পছৰ সৈন্যই উত্তৰ ছিকিমৰ ১৭৫০০ ফুট উচ্চ উচ্চতাত কঠোৰ যুদ্ধাভ্যাস কৰাত ব্যস্ত হৈ পৰিছে (Practice of Trishakti Corpus Integrated in North Sikkim) ।
নতুন প্ৰযুক্তিৰ অস্ত্ৰৰ আৰু ক্ৰমবৰ্ধমান মাৰাত্মকতা তথা বৰ্তমান উপলব্ধ অস্ত্ৰৰ পৰিসৰৰ লগে লগে যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আনকি উচ্চ উচ্চতা অঞ্চলতো সলনি হৈছে ৷ তাৰ বাবে বৰ্তমান ভাৰতীয় সেনা জোৱানসকলে উত্তৰ ছিকিমত অনুশীলন আৰম্ভ কৰিছে ।
সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাতে ।
প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰগৰাকীয়ে আজি ETV ভাৰতৰ আগত উল্লেখ কৰে যে, ভাৰতীয় সেনাত সংযোজিত হৈছে নতুন প্ৰযুক্তিৰ অস্ত্ৰ ৷ বিশেষকৈ ভাৰত চীন সীমান্তত আৰু বৰ্তমান ছিক্কিমৰ ১৭ হাজাৰ ফুটৰ পৰা ২২ হাজাৰ ফুটৰ ভিতৰত ভৱিষ্যতৰ যুদ্ধ প্ৰণালী দ্ৰুত কৰাৰ প্ৰয়াসেৰে ভাৰতীয় সেনাই আৰম্ভ কৰিছে কঠোৰ অনুশীলন ৷
য’ত সাধাৰণতে শূন্যৰ তলত থাকে উষ্ণতা আৰু অক্সিজেনৰ মাত্ৰা তেনেই নগন্য হয় ৷ অক্সিজেন আৰু তাপমাত্ৰাৰ অভাৱত কেনেদৰে ভৱিষ্যতে যুঁজ দিব তাৰ বাবে ভৱিষ্যতৰ যুদ্ধ প্ৰণালী দ্ৰুত কৰাৰ যুদ্ধত অৱতীৰ্ণ হৈছে ভাৰতীয় সেনানীসকল ৷