তেজপুৰ, 18 জুলাই : "প্ৰতি মৰমৰ.....মৰম ল’বা ৷ আশা কৰোঁ তুমি কুশলে আছা...মাৰফৎ তুমি..." সেই যে, পদুলিমুখত ডাকোৱালৰ টিলিঙাটোত উজলি উঠা আইৰ চকুহাল, লাজত কোচমোচ খোৱা চেনেহীৰ চকুজুৰি ৷ পিতাইৰ চকুৰ আঁৰ লৈ ৰঙা বাকচটোত গুজি দিয়া চিঠিখনত আঁটি আঁটি বান্ধি থোৱা এগালমান কথা ৷
মনত পৰিছেনে ? সেই খবৰৰ বাকচটো যি আজি এক নষ্টালজিয়া ! নিজৰ আত্মীয়-স্বজন তথা প্ৰিয়জনৰ খবৰ বিচাৰি ৰঙা দীঘলীয়া বাকচ এটাত গুজি পঠিওৱা সেই বিশেষ চিঠিখন ৷ গাঁৱৰ কেঁচা পথৰে টুলুং-ভুটুং কৈ চাইকেলখন চলাই গৈ ডাকোৱালজনে দুৰ-দুৰণিত থকা নিজৰ আত্মীয়ৰ খবৰৰ খামটো মোনাটোৰ পৰা উলিয়াই হাতত দিওঁতে এক তৃপ্তিৰ উন্মাদনাই মন ব্যাকুল কৰি তোলাবোৰ যেন আজিও পাহৰিব নোৱাৰা স্মৃতি ৷ পিচে দুৰ্ভাগ্যৱশতঃ সময়ৰ সোঁতত ডাকঘৰৰ চিনাকী ৰঙা বাকচটো এতিয়া এলাগী হৈ পৰিল, এক মাত্ৰ দুই এখন চৰকাৰী পত্ৰৰ বাহিৰে এতিয়া নাহে ব্যক্তিগত পত্ৰ, পদুলিলৈ চাই অপেক্ষা নকৰে চেনেহীয়ে ৷ সময়ৰ ধামখুমীয়াত অতীত হৈ পৰিছে সেই সোণালী সময় ৷ ক্ৰমাৎ অতীত হৈ যাবলৈ ধৰিছে চিঠি কিম্বা সেই ৰঙা বাকচটো ৷
ডাকঘৰটো বন্ধ হৈ যোৱাৰ পিচত সেই ৰঙা দীঘলীয়া টিনৰ বাকচটোত পত্ৰখন ভৰাই থৈ গুচি অহা হয় ,পাছত ডাকোৱালজনে সেই বাকচটো খুলি পত্ৰ সমূহ ডাক ঘৰৰ যোগেদি নিৰ্দিষ্ট ঠাইলৈ পঠিয়াই দিয়ে ৷ বৰ্তমান মোবাইল ফোন, ইণ্টাৰনেটৰ যোগেদি ই-মেইলত যি কোনো খবৰ প্ৰেৰণ কৰা ,পৃথিৱীৰ যি কোনো ঠাইত থকা ব্যক্তিজনৰ লগত সংযোগ কৰাটো ক্ষন্তেকৰ কাম ৷ কিন্তু ইয়াৰ পিচতো আমিবোৰে এতিয়াও এই ৰঙা বাকচটো দেখিলে ৰোমাঞ্চিত হৈ উঠো ৷ অতীতৰ গাত এবাৰ ভেঁজা দি মনত পেলাও আইৰ মুখৰ সাধু সাধু লগা কথাবোৰ ৷ টেকন’লজীৰ চিকমিকনিৰ মাজতো এই ৰঙা পোষ্ট বক্সটোৰ আজিও একেই সতেজ, নিভাজ, স্বাভিমানী ৷