অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ পথৰ দুৰাৱস্থা: তেলৰ টেংকাৰৰ পানীয়ে বুৰাই পেলালে পথ - ৰঙাপৰাৰ পথৰ দুৰাৱস্থা

অসম চৰকাৰৰ লোক নিৰ্মাণৰ বিভাগে মেৰামতি কৰা ৰঙাপৰা চহৰৰ এটা অতি ব্যস্ত পথৰ দুৰাৱস্থা ৷ পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি পথটোৱে চৰম দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজ তথা ছাত্র-ছাত্ৰীসকলক ৷ বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ পথটো সন্দৰ্ভত অৱগত কৰি অহাৰ পাচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ৰঙাপৰাৰ পথৰ দুৰাৱস্থা: তেলৰ টেংকাৰৰ পানীয়ে বুৰাই পলালে পথ
ৰঙাপৰাৰ পথৰ দুৰাৱস্থা: তেলৰ টেংকাৰৰ পানীয়ে বুৰাই পলালে পথ

By

Published : Jan 13, 2021, 5:22 PM IST

ৰঙাপৰা,13 জানুৱাৰী:শোণিতপুৰ জিলাৰ ৰঙাপৰা চহৰৰ এটা অতি ব্যস্ত পথ ৰঙাপৰা-তেজপুৰ সংযোগী পথ ৷ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে মেৰামতি কৰা পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত। পথটোৰ এনে অৱস্থাৰ সৃষ্টি হোৱাৰ পাচতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ইয়াৰ ফলত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজ তথা ছাত্র-ছাত্ৰীসকলে ৷ চৰম দুৰ্ভোগ ভূগি অহা-যোৱা কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰোগীৰ পৰা কন কন শিশুসকলে ৷

ৰঙাপৰাৰ পথৰ দুৰাৱস্থা: তেলৰ টেংকাৰৰ পানীয়ে বুৰাই পলালে পথ

উল্লেখ্য যে, ইটিভি ভাৰতৰ কেমেৰাত বন্দী হোৱা এক দৃশ্যই দেখুৱাইছে পথৰ প্ৰকৃত ছবি । AS-১২D-১৬৭৯ নম্বৰৰ তেলৰ টেংকাৰখনে ভৰ্তি কৰি অনা পানী পথচোৱাৰ দাঁতিতে পেলোৱাৰ পাচত কৃত্ৰিম বানৰ সৃষ্টি হৈছে অঞ্চলটোত । ইফালে কাণ্ডজ্ঞানহীন গাড়ীখনৰ স্বত্বাধিকাৰীয়ে পথৰ কাষতে পানী পেলাই পুখুৰীৰ সৃষ্টি কৰাৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী প্ৰশাসন ৷

স্থানীয় লোকৰ অভিযোগ বাৰাম্বাৰ বিভাগীয় কৰ্তপক্ষক পথটো সন্দৰ্ভত অৱগত কৰি আহিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । তাৰোপৰি গুৰুত্বপূৰ্ণ পথচোৱাত দীৰ্ঘদিনৰ পৰা সৃষ্টি হৈ আহিছে তীব্ৰ যান-জঁট । হাড় কঁপোৱা ঠাণ্ডা তথা ভোগালী বিহুৰ সময়চোৱাত পথৰ ওপৰত জমা হোৱা লেতেৰা পানী গছকি অহা-যোৱা কৰিবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে পথচাৰীসকলে ৷

লগতে পঢ়ক:মুগা পালকে কাটিলে চোমনি

ABOUT THE AUTHOR

...view details