অসম

assam

ETV Bharat / state

নিৰ্বাচন আহে যায় পিচে কেতিয়াও পৰিৱৰ্তন নহোৱা এটা পথ - তেজপুৰ

এপিনে আধাৰশিলাৰ ৰাজনীতি, আনপিনে তেজপুৰত পথৰ বিধ্বস্ত ৰূপ

আধাৰশিলাৰ ৰাজনীতি

By

Published : Mar 5, 2019, 11:26 PM IST

Updated : Mar 5, 2019, 11:48 PM IST

তেজপুৰ, ৫ মাৰ্চ : সন্মুখত লোকসভা নিৰ্বাচন । ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে পথ নিৰ্মাণৰ আধাৰশিলা । কেন্দ্ৰীয় চৰকাৰৰ অনুদিত আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গড়কাপ্তানি পথসমূহৰ আধাৰশিলা নিৰ্মাণ কৰাত ব্যস্ত থকাৰ সময়তে তেজপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক । তেজপুৰ চহৰৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৰা ভৰালী হৈ তেজপুৰ চহৰ প্ৰৱেশ কৰা দুলাবাৰী সংযোগী পথচোৱা বিগত ১২ বছৰ ধৰি বিধ্বস্ত হৈ থকাত দলংখনে জ্বলাকলা খুৱাইছে ৰাইজক । সময়ৰ লগে লগে এটা পাচত আন এটা নিৰ্বাচন আহিছে যদিও এই পথচোৱা একেই আছে ।

আধাৰশিলাৰ ৰাজনীতি
Last Updated : Mar 5, 2019, 11:48 PM IST

ABOUT THE AUTHOR

...view details