অসম

assam

ETV Bharat / state

ঢেকীয়াজুলিৰ কাঠনিবাৰী গাঁৱৰ মূল পথৰ জৰাজীর্ণ ৰূপ - পথৰ দুৰৱস্থা

ঢেকীয়াজুলিত উন্নয়নৰ ফোঁপোলাস্বৰূপ ৷ পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে কাঠনিবাৰী গাঁৱৰ ৰাইজক ৷

পথৰ জৰাজীর্ণ ৰূপ

By

Published : May 22, 2019, 4:33 PM IST

ঢেকীয়াজুলি,22 মে': ঢেকীয়াজুলিত উন্নয়নৰ ফোঁপোলাস্বৰূপ, সমষ্টিটোৰ ঠেলামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱৰ মূল প্ৰৱেশ পথটোৱে বহু বছৰ ধৰি জ্বলাকলা খোৱাই আহিছে ৰাইজক। প্ৰতিটো বাৰিষাত পথটোত এক আঁঠু পানীৰে অহা যোৱা কৰিব লাগে অঞ্চলবাসীয়ে যাৰ ফলত বন্ধ হৈ পৰে পথচোৱা। ইপিনে পথচোৱা সম্পৰ্কত ভুক্তভোগী ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই নল'লে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে। চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা পথচোৱা উন্নয়নৰ ক্ষেত্ৰত চকু নিদিয়া স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাৰ। লগতে অতিশীঘ্ৰে পথচোৱা মেৰামতিৰো দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

পথৰ জৰাজীর্ণ ৰূপ

ABOUT THE AUTHOR

...view details