অসম

assam

ETV Bharat / state

এতিয়াও মাটিত বস্তা পাৰি পাঠগ্ৰহণ কৰা এখন বিদ্যালয়

1995 চনতে স্থাপিত হোৱা নৱদ্বীপ প্ৰাথমিক বিদ্যালয়খনত থকা এটা জৰাজীৰ্ণ গৃহতে পাঁচটাকৈ শ্ৰেণীৰ মুঠ 172 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱা ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ । শ্ৰেণীৰ কোঠাৰ অভাৱত সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে ৰান্ধনী গৃহ আৰু বাৰন্দাত মাটিত বস্তা পাৰি বহিবলগীয়া হৈছে

By

Published : Jun 12, 2019, 3:12 PM IST

শোণিতপুৰত শ্ৰেণী কোঠা নথকা এখন বিদ্যালয়

শোণিতপুৰ,12 জুন: ৰঙাপৰাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নাই শ্ৰেণী কোঠা ৷ জৰাজীৰ্ণ গৃহৰ মাটিত বস্তা পাৰি বহি ছাত্ৰ-ছাত্ৰীৰ পাঠ গ্ৰহণ কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে ৷ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত বিশেষকৈ শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাৰ বিপৰীতে দিনক দিনে সমস্যাহে বৃদ্ধি পাবলৈ ধৰিছে। বিয়াগোম শিক্ষা বিভাগৰ চৰম হেমাহিৰ বাবে ৰঙাপৰাৰ নৱদ্বীপ প্ৰাথমিক বিদ্যালয়খনত আজিও নিৰ্মাণ ন'হল শ্ৰেণী কোঠা । 1995 চনতে স্থাপিত হোৱা নৱদ্বীপ প্ৰাথমিক বিদ্যালয়খনত থকা এটা জৰাজীৰ্ণ গৃহতে পাঁচটাকৈ শ্ৰেণীৰ মুঠ 172 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱা ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ। শ্ৰেণীৰ কোঠাৰ অভাৱত সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে ৰান্ধনী গৃহ আৰু বাৰান্দাত মাটিত বস্তা পাৰি বহিবলগীয়া হৈছে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে বহিবৰ বাবে এযোৰো ডেক্স-বেঞ্চ নাই । শেহতীয়াকৈ প্ৰধান শিক্ষক গৰাকীয়ে ২৫ হাজাৰ টকা ব্যয় সাপেক্ষে বাঁহেৰে অন্য এটা শ্ৰেণী কোঠা নিৰ্মাণ কৰে। তাৰোপৰি বিদ্যালয়খনত নাই শৌচাগাৰ আৰু প্ৰশ্ৰাৱগাৰৰ ব্যৱস্থা । ২০১৩ চনত চৰকাৰীকৰণ হোৱা বিদ্যালয়খনত বিভিন্ন সমস্যাৰে জৰ্জৰিত ৷ আনহাতে, শিক্ষাৰ মৌলিক অধিকাৰ আইনখন এই বিদ্যালয়ৰ ক্ষেত্ৰত চূড়ান্তভাবে প্ৰতাৰিত হৈছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজ তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ৷

শোণিতপুৰত শ্ৰেণী কোঠা নথকা এখন বিদ্যালয়

ABOUT THE AUTHOR

...view details