অসম

assam

ETV Bharat / state

Real scenario of Assam health sector: চিকিৎসা গৃহ নাই; ৰাজহুৱা মঞ্চত চলিছে ৰোগীৰ চিকিৎসা - স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰকৃত ছবিখন

ৰাজ্যত এফালে যদি এজন চিকিৎসকক বিচাৰি হাহাকাৰ কৰিছে ৰোগীয়ে, আনফালে আকৌ চিকিৎসালয়ৰ অভাৱত চিকিৎসা সেৱা প্ৰদান কৰিব পৰা নাই স্বাস্থ্যকৰ্মীয়ে (Health sector condition of Assam) ৷ এইবাৰ পোহৰলৈ আহিছে কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰটোৰ দুৰাৱস্থা ৷ দিনক দিনে জৰাজীৰ্ণ ৰূপ লৈছে ঢেকীয়াজুলি কেহেৰুখন্দা উপ-স্বাস্থ্যকেন্দ্ৰটোৱে (Poor condition of Keherukhanda health sub centre) ৷ কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰটোৰ গৃহ দিনক দিনে জহি খহি যাবলৈ ধৰাত কাষতে থকা মঞ্চতে ৰোগীক কৰিবলগীয়া হৈছে চিকিৎসা সেৱা ।

Health sector condition of Assam
পঁয়া লাগিছে কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰত

By

Published : Dec 30, 2022, 10:47 PM IST

পঁয়া লাগিছে কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰত

ৰঙাপৰা, 30 ডিচেম্বৰ :ATTITION ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া ৷ আপুনি বাৰু জ্ঞাত নে আপোনাৰস্বাস্থ্য খণ্ডৰ ভিতৰ চ’ৰাত কি চলি আছে (Health sector condition of Assam) ? যদিহে আপুনি এই বিষয়ে জ্ঞাত নহয়, তেন্তে আজিৰ এই বিশেষ প্ৰতিবেদন আপোনালৈ আগবঢ়ালো ৷

সৰ্বত্ৰে ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়চোৱাতে এইবাৰ পোহৰলৈ আহিছে কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰৰ দুৰাৱস্থা ৷ দিনক দিনে জহি খহি যাবলৈ ধৰিছে কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰটো (Poor condition of Keherukhanda health sub centre) ৷ ফলত ৰোগীক চোৱা-চিতা কৰাত বহু অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকল ৷

কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে উল্লেখ কৰা অনুসৰি, এই উপ-স্বাস্থ্য কেন্দ্ৰটো মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন জনোৱা হৈছিল ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰহে অভিযোগ উত্থাপিত হৈছে ৷ সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজৰ লগতে উপ স্বাস্থ্যকেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মী উক্ত উপ-স্বাস্থ্যকেন্দ্ৰৰ গৃহটো শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে ৷

উল্লেখ্য যে, পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰৰ দিনত স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপটোৱে সচেতন মহলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য বিভাগৰ উন্নয়ন হোৱা বুলি যিমানেই ধাক ঢোল নবজাওক কিয় বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত সঘনে উন্মোচিত হৈ আহিছে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰকৃত ছবিখন ।

লগতে পঢ়ক :Moran State Dispensary: চিকিৎসক নাই ! মৰাণ ৰাজ্যিক চিকিৎসালয়ত নিশাৰ জৰুৰীকালীন সেৱা বন্ধ

ইফালে কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ৰ কিছু অৰাজগতা ৷ যিটো সময়ত বিয়াগোম স্বাস্থ্য বিভাগে বিভাগটোৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা কৈ আহিছে, সেই সময়তে এগৰাকী চিকিৎসকক বিচাৰি ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে যোৰহাট জিলাৰ জাঁজীমুখত (Hospital problems in Jorhat) ।

জাঁজীমুখৰ প্ৰায় ১০ হাজাৰ জনতাৰ একমাত্ৰ চিকিৎসাৰ ভৰষা জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ৰ (Janjimukh State Hospital) একমাত্ৰ চিকিৎসকগৰাকীৰ বদলি হোৱাত আজিৰ তাৰিখত নাই এগৰাকীও চিকিৎসক (No doctor in Janjimukh state hospital) নথকাৰ অভিযোগ উত্থাপিত হৈছে ।

ফাৰ্মাচিষ্টগৰাকীয়েই চিকিৎসালয়লৈ অহা ৰোগীক মানৱীয়তাৰ খাতিৰত দুই এটা প্ৰাথমিক ঔষধ প্ৰদান কৰিছে যদিও, প্ৰত্যেকগৰাকী ৰোগীয়েই বিনা চিকিৎসাৰে উভতিব লগা হৈছে । ইফালে বিগত ৮ মাহে চিকিৎসালয়খনত নাই জি এন এম নাৰ্ছ । যাক লৈ চৰম সমস্যাত পৰিছে ৰোগীৰ লগতে চিকিৎসালয়খনৰ আন কৰ্মচাৰীসকলো । সেয়ে অনতি পলমে এজন চিকিৎসক প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে জাঁজীমুখৰ ৰাইজে ।

কেহেৰুখন্দা উপ-স্বাস্থ্য কেন্দ্ৰ বা জাঁজীমুখ ৰাজ্যিক চিকিৎসালয় হৈছে নামমাত্ৰ এক উদাহৰণহে ৷ এই চিকিৎসালয় দুখনৰ দৰে এনেদৰেই এতিয়া বিভিন্ন সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বহু তথ্যই পোহৰলৈ আহিছে ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই অনাগত সময়ত কি স্থিতি গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :Hospital problems in Jorhat: এগৰাকীও চিকিৎসক নাই জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ত

ABOUT THE AUTHOR

...view details