ৰঙাপৰা, 10জুন : শোণিতপুৰ জিলাৰ সাংস্কৃতিক নগৰী তেজপুৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত এখন ঐতিহাসিক গাঁও । যিখন গাঁৱত আছে বাণ ৰজাৰ দিনত খন্দোৱা এটা বৃহৎ পুখুৰী । ঐতিহাসিক পুখুৰীটোৰ তিনিটা কোণত উদ্ধাৰ হৈছিল দুটা গণেশ আৰু এটা ব্ৰহ্মাৰ মূৰ্তি । যিজনা ব্ৰহ্মাৰ মূৰ্তি সমগ্ৰ ৰাজ্যখনতে নাই বুলিও ক'ব পাৰি । ৰজাদিনীয়া পুখুৰীটোৰ কাষতে আছে 'কবিৰ আলি' নামৰ ৰজাদিনীয়া পথটি । গাঁওখনৰ পথৰ কাষত নলা খন্দাৰ সময়ত ৰাইজে পাইছিল ৰূপৰ মুদ্ৰা । বহু ইতিহাস বিজাৰিত হৈ থকা গাঁওখনৰ বৰ্তমানৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷
গাঁওখনক জিলা প্ৰশাসনে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰাৰ পাচতো পুখুৰীপাৰ গাঁৱৰ ৰাইজে আজিলৈকে দেখা নাপালে উন্নয়ন তথা বিকাশৰ মুখ । বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত হলেশ্বৰ গাঁও পঞ্চায়তৰ অধীনস্থ গাঁওখনৰ ৰাইজে বিধ্বস্ত পথৰে যাতায়ত কৰিবলগীয়া হৈছে । এজাক বৰষুণ দিলেই গাঁওখনৰ ৰাইজ চিন্তিত হৈ পৰে, কাৰণ বৰষুণৰ পানীয়ে বোকাময় কৰি তোলে পথচোৱা ।