অসম

assam

ETV Bharat / state

বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰঙাপৰাবাসীৰ - Dhulapadung tea estate

ৰঙাপৰাৰ এখন চাহ বাগিচা সংযোগী এটা বিধ্বস্ত পুল গাঁও পঞ্চায়তে নিৰ্মাণৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাত বিপদসংকুল ভাৱে যাতায়াত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে । চৰকাৰ তথা ফুলগুৰি গাঁও পঞ্চায়তে পুলটো শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৰাইজে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ।

Poor condition of a bridge at rangapara sonitpur assam etv bharat news
বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰঙাপৰাবাসীৰ

By

Published : Jun 5, 2020, 9:37 PM IST

ৰঙাপৰা,5 জুন: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চাহ বাগিচা আৰু কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে চৰম দুৰ্ভোগ ৷ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথত থকা এটা বিধ্বস্ত পুল গাঁও পঞ্চায়তে নিৰ্মাণৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাত বিপদসংকুল ভাৱে যাতায়াত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে । ঘটনাৰ বিৱৰণী অনুসৰি,ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ মাজেৰে যোৱা পথচোৱাই প্ৰায় পাঁচখন গাঁৱৰ ৰাইজক সংযোগ কৰিছে ৷ পথচোৱাত এটা নলাৰ ওপৰত থকা চুঙাপুলটো বহু বছৰ পূৰ্বে বাৰিষাৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত স্থানীয় ৰাইজে যাতায়াতৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছিল এখন বাঁহৰ দলং ৷

বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰঙাপৰাবাসীৰ

সম্প্ৰতি বাঁহৰ দলঙখন ভাঙি যোৱাত ৰাইজে মৰণত শৰণ দি কৰি আহিছে যাতায়াত । ইফালে সমস্যাটো সম্পৰ্কে স্থানীয় ৰাইজে গাঁও পঞ্চায়তক বাৰম্বাৰ অনুৰোধ জনাইছে যদিও সমস্যাটো আজিকোপতি সমাধান নহ’ল। বিধ্বস্ত পুলটো নিৰ্মাণৰ ক্ষেত্ৰত জন প্ৰতিনিধিসকলে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । লগতে চৰকাৰ তথা ফুলগুৰি গাঁও পঞ্চায়তে পুলটো শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৰাইজে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ।

লগতে চাওকঃএএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details