তেজপুৰ, ২২ জুলাই: ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ইডিয়ে চমন জাৰি কৰাৰ (ED summon to Sonia Gandhi) বিৰুদ্ধে দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীসকলে চলাই থকা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাবে অসমতো কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰতিবাদত অংশ লৈছে (Congress protest against Sonia Gandhi ED summon)। তাৰেই অংশ হিচাবে আজি শোণিতপুৰ জিলাৰ তেজপুৰত প্ৰদেশ কংগ্ৰেছে কেন্দ্ৰীয়ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
তেজপুৰত আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু দলৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত উলিওৱা এক বিশাল প্ৰতিবাদী সমদলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ বিজেপি দল তথা চৰকাৰে চিবিআই (CBI), ইডি (ED) আদি তদন্তকাৰী সংস্থাক হাতৰ মুঠিত ৰাখি ব্যৱহাৰ কৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তেজপুৰত ৷
কিন্তু তেজপুৰত প্ৰতিবাদকাৰী কংগ্ৰেছীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে (Police lathicharge on protesting Congress worker in Tezpur) ৷ আনহাতে, উপায়ুক্ত কাৰ্যালয় অভিমুখী পথৰ ওপৰত বেৰিকেড বহুৱাই প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰা হয় ৷ কিন্তু প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি পাৰ হ'ব বিচাৰোঁতেই পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীয়ে দলটোক বাধা প্ৰদান কৰে ৷