অসম

assam

ETV Bharat / state

Sonitpur Police Encounter : গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে চলিল শোণিতপুৰ আৰক্ষীৰ গুলী

গাঞ্জাৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীৰ অভিযান (Sonitpur police operation against ganja)। গাঞ্জাভৰ্তি বাহনক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । প্ৰায় ১ কোটি টকাৰ গাঞ্জা জব্দ । গাঞ্জা সৰবৰাহকাৰীৰ পলায়ন ।

By

Published : Oct 15, 2022, 12:07 PM IST

Sonitpur
গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে চলিল শোণিতপুৰ আৰক্ষীৰ গুলী

তেজপুৰ,১৫ অক্টোবৰ :দুৰ্নীতি আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । অপৰাধীক দমন কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে বিভিন্ন কঠোৰ পদক্ষেপ লৈছে । শেহতীয়াভাৱে এনকাউণ্টাৰৰ দৰে পদক্ষেপো লৈছে আৰক্ষীয়ে (Assam police encounter)। যাৰ পৰিণতিত অসম আৰক্ষীৰ দ্বাৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ।

এইবাৰ পুনৰ শোণিতপুৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter in Sonitpur)। গাঞ্জা সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে চাৰিদুৱাৰ আৰক্ষীয়ে । অৱশ্যে সৰবৰাহকাৰীক আটক কৰাত বিফল হ'ল আৰক্ষী । গাঞ্জা এৰি পলায়ন কৰিলে সৰবৰাহকাৰীয়ে ।

ঘটনাটো সংঘটিত হৈছে শোণিতপুৰ জিলাৰ বৈঠাভঙাত । জানিব পৰা মতে নিৰ্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষীয়ে উক্ত স্থানত তালাচী চকী স্থাপন কৰিছিল । আৰক্ষীৰ তালাচীৰ মাজতে AS-01-BJ-0061 নম্বৰৰ এখন চাৰিচকীয়া বাহন তালাচী চকীৰ ওচৰৰে পাৰ হৈ যায় । আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰিছিল যদিও বাহনখন সেই স্থানৰ পৰা তীব্ৰ গতিৰে পলায়ন কৰে ।

লগেলগে চাৰিদুৱাৰ আৰক্ষীৰ দলটোৱে বাহনখন পিছা কৰে । বহু দূৰ চাৰিদুৱাৰ আৰক্ষীয়ে খেদি খেদি অৱশেষত বাহনখনলৈ লক্ষ্য কৰি দুই জাই গুলীচালনা কৰিবলৈ বাধ্য হয় (Police open fire on ganja smugglers in Sonitpur)। বাহনখনৰ চকাত গুলী লাগে আৰু বাহনখনৰ চকা বিস্ফোৰণ হয় ।

গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে চলিল শোণিতপুৰ আৰক্ষীৰ গুলী

বাহনখন ৰৈ যায় যদিও বাহনখন এৰি এজন লোক পলায়ন কৰিবলৈ সক্ষম হয় । লগে লগে আৰক্ষীয়ে বাহনখন জব্দ কৰে আৰু বাহনখনৰ পৰা ৪২ বেগ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of ganja seized in Sonitpur)। গাঞ্জাখিনিৰ মূল্য প্ৰায় ১ কোটি ৫০ হাজাৰ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।

ইতিমধ্যে পলায়ন কৰা গাঞ্জা সৰবৰাহকাৰীজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । আৰক্ষীয়ে দাবী কৰা মতে অতি শীঘ্ৰে আটক হ'ব পলায়ন কৰা সৰবৰাহকাৰীজন । ইফালে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক :Drugs seized in Golaghat: গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details