অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত মিছামাৰীৰ হত্য়াকাণ্ডৰ অভিযুক্ত - মৃতদেহ

বুধবাৰে শোণিতপুৰ জিলাৰ মিছামাৰীত পথৰ দাঁতিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ ৷ ঘটনাৰ 8 ঘণ্টা অতিক্ৰম কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাণ্ডটোত জড়িত অভিযুক্তক ৷ হত্যাকাণ্ড সম্পৰ্কে অভিযুক্তৰ দোষ স্বীকাৰ ৷

Police caught accused of misamari murder sonitpur assam etv bharat news
আৰক্ষীৰ জালত মিছামাৰীৰ হত্য়াকাণ্ডৰ অভিযুক্ত

By

Published : Jun 4, 2020, 3:29 PM IST

ৰঙাপৰা, 4 জুন: শোণিতপুৰ জিলাৰ মিছামাৰীত মঙলবাৰে নিশা চোকা অস্ত্ৰৰে ডিঙি কাটি দুৰ্বৃত্তই হত্যা কৰিছিল এগৰাকী মহিলাক ৷ মহিলাগৰাকীৰ মৃতদেহটো বুধবাৰে উদ্ধাৰ হৈছিল পথৰ সমীপৰ নিৰ্জন অঞ্চলত ৷ উক্ত হত্যাকাণ্ডত জড়িত এজন ব্যক্তি অৱশেষত জালত পৰে আৰক্ষীৰ । মৃতদেহ উদ্ধাৰৰ প্ৰায় ৮ ঘণ্টাৰ পিছতে মিছামাৰী আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বাক্সাৰ তামুলপুৰৰ বগীজুলি গাঁৱৰ বাসিন্দা বুধৰা হাচদাৰ পুত্ৰ ৰবীন হাচদা(২৪)ক আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী অনুসৰি,মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়শংকৰ ওৱাৰীয়ে প্ৰাথমিক তদন্তৰ ভিত্তিত কানপুৰ গাঁৱৰ ডেভিদ কিস্কুৰ পুত্ৰ আগষ্টিয়ান কিস্কুক আটক কৰাৰ পিচতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ অৱশ্যে হত্যাকাণ্ডটোৰ যুৱকজন জড়িত আছে নে নাই সেয়া নিশ্চিত হোৱা নাই ৷

আৰক্ষীৰ জালত মিছামাৰীৰ হত্য়াকাণ্ডৰ অভিযুক্ত

উল্লেখ্য যে,হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ সন্তান সুকুৰা মুৰাৰ সৈতে প্ৰায় তিনিবছৰ পূৰ্বে ৰবীন হাচদাৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল । উক্ত সংঘাতৰ প্ৰতিশোধৰূপে মঙলবাৰে নিশা তিলেশ্বৰী মুৰা গৃহাভিমুখে যোৱা অৱস্থাত অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে মহিলাগৰাকীক ৷ অৱশ্যে মহিলাগৰাকীৰ সৈতে কোনো দুস্কাৰ্য সংঘটিত নকৰাৰ কথা হত্যাকাৰীয়ে স্বীকাৰ কৰে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই কথা স্পষ্ট হ’ব ৷ মিছামাৰী আৰক্ষীয়ে ইতিমধ্য়ে ঘটনা প্ৰসংগত 51/20 আৰু 376/302 নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এটি গোচৰ ৰুজু কৰিছে ।

লগতে চাওকঃপথৰ দাঁতিত উদ্ধাৰ মহিলাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details