তেজপুৰ, 25 জুন: আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ (International Day against Drug) প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাহ কৰা হৈছে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ তেজপুৰতো দেখা গ’ল একেই দৃশ্য ৷ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জিলাখনৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তেজপুৰত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী দাহ কৰে আৰক্ষীয়ে (Narcotics burnt by Tezpur police)৷ দাহ কৰা এলেকাটোৰ পৰিৱেশ প্ৰদূষিত নহ’বৰ বাবে নিচাজাতীয় সামগ্ৰীখিনি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত থকা Incinerator ত ভৰাই জ্বলাই দিয়া হয় (Police burn a large quantity of drugs in Tezpur) ।
উল্লেখযোগ্য যে, বিগত সময়চোৱাত শোণিতপুৰ আৰক্ষীৰ তৎপৰতাত জিলাখনৰ বিভিন্ন ঠাইত ড্ৰাগছ, ভাং, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীক আটক কৰি কাৰাগাৰলৈ প্ৰক্ষেপ কৰা হৈছে ।