তেজপুৰ, ১৭এপ্ৰিল :অৱশেষত তেজপুৰৰ পঞ্জাৱ নেশ্যনেল বেংকৰ যুৱতী কৰ্মচাৰী মনীষা বড়োৰ হত্যাকাণ্ডৰ লগত জড়িত দেৱশীষ কৰক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তেজপুৰ আৰক্ষীয়ে আলিপুৰ দুৱাৰৰ পৰা দেৱশীষ কৰ'ক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে । হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিচতে সমগ্ৰ তেজপুৰতে এক চাঞ্চল্যৰ সৃষ্টি হৈছিল । আৰক্ষী সূত্ৰত প্ৰকাশ যে. তেজপুৰৰ ঊষানগৰ অঞ্চলত এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী মনীষা বড়োৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত দেৱশীষ কৰক আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে (Tezpur PNB lady employee murder case) ।
উল্লেখযোগ্য যে, ১৪ এপ্ৰিলৰ নিশা প্ৰায় ১২ বজাত যুৱতী গৰাকীক প্ৰেমিক দেৱাশীষ কৰে হত্যা কৰা বুলি অভিযোগ উঠাৰ বিপৰীতে নিশা যুৱতীগৰাকীৰ ভাড়াঘৰৰ কোঠাত একেটা বেংকৰে কৰ্মচাৰী ৰিচাৰ্ড দলেক উপস্থিত পাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ দেৱাশীষৰ আক্ৰমণৰ প্ৰথম লক্ষ্য আছিল ৰিচাৰ্ড দলে ৷
দৰাচলতে জোনাইৰ প্ৰকৃত নিবাসী দলে তেজপুৰৰ ৰত্নপুৰৰ শহুৰেকৰ ঘৰতে থাকে আৰু নিহত মনীষাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল বুলি নিজেই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে ৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ বৰছলা সমষ্টিৰ বড়োচাপৰি গাঁৱৰ এটা আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ যুৱতী মনীষাই প্ৰায় দুবছৰ পূৰ্বে পঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল আৰু ঊষানগৰৰ ভাড়াঘৰটোত থাকিবলৈ লৈছিল ৷ তেওঁৰ সৈতে ভনীয়েকো একেলগে থাকিছিল ৷ ঘটনাৰ দুদিন পূৰ্বৰে পৰা মনীষাৰ মাকো দুই জীয়াৰীৰ সৈতে তেজপুৰতে আছিল যদিও বিহু উপলক্ষে ভনীয়েক আৰু মাক ঘৰলৈ গুচি যায় আৰু মনিষা পিছদিনা পুৱা নিজ ঘৰলৈ যোৱাৰ কথা আছিল ৷