ৰঙাপৰা, ১৪ মাৰ্চ:শোণিতপুৰ জিলাৰ মিছামাৰীত কেইবাজনো চোৰাং চিকাৰীয়ে হস্তনিৰ্মিত বন্দুক জমা দি অনাগত দিনত জীৱ-জন্তু হত্যা নকৰাৰ শপত ল'লে (poachers surrendered Guns in Misamari)। এই চোৰাং চিকাৰীকেইজনে এনেদৰে শপত লোৱাত আদৰণি জনাইছে বন বিভাগে । উল্লেখ্য যে মিছামাৰীৰ সোণাই-ৰূপাই অভয়াৰণ্যখনত চোৰাং চিকাৰীয়ে হাতে সজা বন্দুক লৈ অবৈধভাৱে প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধন কৰি অহাটো সৰ্বজনবিদিত (Sonai Rupai Sanctuary in Misamari)।
যোৱা ৬ মাৰ্চত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত কাৰ্যালয়ৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা চাফাপানি বন শিৱিৰ এলেকা তথা অসম-অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত শূন্যলৈ দুই জাঁই গুলি চলাই এটা হস্তনিৰ্মিত বন্দুকসহ এজন চোৰাং চিকাৰীক আটক কৰে বনকৰ্মীয়ে (Safapani Forest Camp)। ইয়াৰ পিছত অভয়াৰণ্যখনত কিদৰে বনৰীয়া জীৱ-জন্তু হত্যা নিৰ্মূল কৰিব পৰা যায় তাৰ এক পদক্ষেপ গ্ৰহণ কৰে বন্যপ্ৰাণী বিভাগে ।
এই অভয়াৰণ্যখনত থকা দুষ্প্ৰাপ্য জীৱ-জন্তু সংৰক্ষণ আৰু আপুৰুগীয়া বনজ সম্পদ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে যোৱা ৯ মাৰ্চত অসম-অৰুণাচল সীমান্তৱৰ্তী আম্লাইগুৰিত এখন সজাগতা সভা অনুষ্ঠিত হয় (Poacher vows not to kill wild animals)। আম্লাইগুৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাখনত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ গুৱাহাটীৰ আঞ্চলিক বিষয়া, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰ, গাঁওবুঢ়া দ্বিপেন মুছাহাৰী, নিখিল বড়ো ছাত্র সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি জিৎ স্বৰ্গীয়াৰী, সম্পাদক ইনোছ মুছাহাৰী আদিকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে (Wildlife Crime Control Branch)।