তেজপুৰ, ২৫ এপ্ৰিল: অসমত মুঠ ১৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব (Cancer Hospital in Assam) ৷ ইয়াৰে ৭ খন নতুন চিকিৎসালয় অহা 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উন্মোচন কৰিব (Narendra Modi to inaugurate cancer hospitals in Assam) ৷ সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তেজপুৰৰ নৱনিৰ্মীত কৰ্কট ৰোগৰ চিকিৎসালয়ত উপস্থিত এই কথা জানিবলৈ দিয়ে ।
ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা 7 খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান উন্মোচন কৰাৰ লগতে আন ৭ খনৰ আধাৰশিলা স্থাপন কৰিব ৷ আন তিনিখন কৰ্কট ৰোগৰ চিকিৎসালয় আগন্তুক দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলিও মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে টাটা ন্যাস আৰু অসম চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টাত নিৰ্মাণ কৰা তেজপুৰৰ কৰ্কট চিকিৎসালয়খনত উপস্থিত হৈ উদ্বোধনী অনুষ্ঠানৰ আয়োজন সম্পৰ্কেও বুজ লয় মন্ত্ৰী কেশৱ মহন্তই (Narendra Modi to visit Assam)।