তেজপুৰ, 7 ফেব্ৰুৱাৰী : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢেকীয়াজুলিৰ জনসভাৰ পৰা শিলান্যাস কৰিলে দুখন চিকিৎসা মহাবিদ্যালয়ৰ আৰু অসম মালাৰ অধীনত পথ । বিশ্বনাথ আৰু চৰাইদেউ (সোণাৰি) চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি তেওঁ ভাষণত কয় যে, শ্বহীদ সকলৰ স্মৃতি বিজড়িত এই ঢেকীয়াজুলিত উপস্থিত হ'বলৈ পাই ধন্য ৷ প্ৰথমেই তেওঁ শ্বহীদ সকলক স্মৰণ কৰে আৰু ঢেকীয়াজুলিত বন্তি জ্বলাই শ্বহীদৰ প্ৰতি জনোৱা সন্মানক শলাগ লয় ।
তেওঁ পুনৰ কয় যে, অসমৰ ৰাইজৰ মৰমৰ বাবে অসমলৈ আহিবলৈ মন যায় অসমীয়া মানুহৰ বাবে মই গৌৰৱ অনুভৱ কৰো । দেশৰ প্ৰথম সূৰ্য উদয় পূৱৰ দিশে হয় উন্নতিও পূৰ্বৰ পৰাই হৈছে ৷ হিংসা উগ্ৰপন্থীৰ সকলো সমস্যা সকলো শেষ হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন বাবে অসমে বিশেষ ভুমিকা গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, প্ৰায় 2 লক্ষ লোকৰ সমাগমৰে জনসভাত অসমীয়া, আদিবাসী, বড়ো আৰু নেপালী ভাষাত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ আৰম্ভ কৰি কয় যে, 2016 চনলৈ অসমত 6 খন মেডিকেল কলেজ আছিল কিন্তু যোৱা 5 বছৰত আৰু 6 খন কাম আৰম্ভ হৈছে আৰু ই সম্পূৰ্ণ আধুনিক ৰূপত নিৰ্মাণ হ'ব বুলি মন্তব্য প্ৰদান কৰে । এই মেডিকেল কলেজৰ পৰা নতুন চিকিৎসক হ'ব ।
ঢেকিয়াজুলিত মোডীৰ আগমনত কৰা বন্তি প্ৰজ্বলন ইফালে, অসমত মাতৃভাষাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে জনসভাৰ পৰা মন্তব্য প্ৰদান কৰে ৷ ইফালে, গুৱাহাটীৰ AIIMS তীব্ৰ গতিত হৈ আছে আৰু 2 মাহৰ ভিতৰতে নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব । আনহাতে, দেশৰ বাজেটত চাহ বাগিচাৰ শ্ৰমিকৰ বাবে 1 হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে ৷ যাৰ জৰিয়তে চাহ শ্ৰমিকৰ উন্নতি হ'ব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷
লগতে পঢ়ক :মোডীৰ অসম ভ্ৰমণক লৈ গঢ়ি তোলা বিশেষ বজাৰখন