অসম

assam

ETV Bharat / state

ভয় খোৱা বাবেই ৰাইজক ৰাহুল গান্ধীৰ ৰেলীলৈ নাযাবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে: ভূপেন বৰা - ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা

Bharat Jodo Nyay Yatra: মুখ্যমন্ত্ৰীৰ উচটনিৰ বাবেই একাংশ নিম্ন পৰ্যায়ৰ বিজেপি নেতাই ৰাহুল গান্ধীৰ যাত্ৰাত বাধা দিয়াৰ চেষ্টা চলাইছে ৷ এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ৷

APCC president
Bharat Jodo Nyay Yatra

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 9:45 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ মন্তব্য

তেজপুৰ, ১৭ জানুৱাৰী: ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাৰ্যসূচী বাতিল কৰাৰ বাবে আমি ভালেই পাইছোঁ ৷ কিন্তু এই যাত্ৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনৰ পৰা পাবলগীয়া সহযোগিতা এই পৰ্যন্ত লাভ কৰা নাই ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ উচটনিমূলক কথা-বতৰাৰ বাবে বিজেপিৰ নিম্নপৰ্যায়ৰ একাংশ নেতাই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত বাধা দিয়াৰ চেষ্টা চালাইছে ৷’’ তেজপুৰত বুধবাৰে এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

তেজপুৰৰ শ্ৰীশ্ৰী শংকৰ মন্দিৰত শিল্পী দিৱসৰ দিনটোত ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই শোণিতপুৰত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভাত অংশ লয় ৷ তেওঁ এই যাত্ৰাৰ বাবে ৰাজ্যৰ ১৭ খন জিলাৰ অধিকাংশতে এই পৰ্যন্ত প্ৰশাসনৰ পৰা অনুমতি লাভ কৰা নাই বুলি উল্লেখ কৰি কয় যে একমাত্ৰ কলিয়াবৰৰ সভাৰ বাবেহে অনুমতি লাভ কৰিছে তেওঁলোকে ৷

এই যাত্ৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভয় নাখালে ৰাইজক এই যাত্ৰালৈ যাব নালাগে বুলি নক’লেহেতেন বুলিও কটাক্ষ কৰে ভূপেন বৰাই ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাম মন্দিৰৰ প্ৰসংগত মন্তব্য কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ হিন্দুসকলৰ ধৰ্মগুৰু নহয় বুলিও মন্তব্য কৰে ৷

আনহাতে, তেজপুৰত মল্লিকাৰ্জুন খাৰ্গেসহ ন্যায় যাত্ৰাৰ দল কিদৰে, ক'ত আৰু কেনেদৰে অংশগ্ৰহণ কৰিব সেই সম্পৰ্কে উল্লেখ কৰে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ এদিন পূৰ্বে তেজপুৰত উপস্থিত হৈ ভূপেন বৰাই এই যাত্ৰা সন্দৰ্ভত বহুকেইটা মন্তব্য কৰে ৷ ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ আলমতে অসমৰ জোঁৱাই হ'ব বুলি আজমলে কৰা মন্তব্য সন্দৰ্ভত ভূপেন বৰাই কয়, ‘‘আজমল শহুৰ এতিয়া শকত হৈছে ৷”

আনহাতে, কংগ্ৰেছৰ একাংশক মুখ্যমন্ত্ৰীয়ে মাহিলী দৰমহা দি অহা বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি ভূপেন বৰাই কয়, “কংগ্ৰেছক যদি দৰমহা দি ৰাখিছেই, তেন্তে এই সময়ত বাধা আৰোপ কৰাৰ যুক্তিযুক্ততা ক'ত ?’’ তাৰোপৰি, জামুগুৰিৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাই ন্যায়যাত্ৰাৰ বিৰোধ কৰা সন্দৰ্ভত তেওঁ কয় যে এইক্ষেত্ৰত স্বাভাৱিকতে ভুল বুজাবুজিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰিব পকামূৰা পথাৰ

ABOUT THE AUTHOR

...view details