অসম

assam

ETV Bharat / state

Biswanath tragic Story: বিশ্বনাথৰ সুজিতৰ পৰিয়ালে কেতিয়া পাব ন্যায় ! - Biswanath Police

কেনে আছে দুৰ্ভগীয়া সুজিতৰ পৰিয়াল ! আজিও বাকচতে আছে সুজিতৰ খাকী পোচাক ৷ দুৰ্ভগীয়া পৰিয়ালে কেতিয়া ন্যায় পাব !

Biswanath Tragic Story
বিশ্বনাথৰ সুজিতৰ পৰিয়ালে কেতিয়া পাব ন্যায়

By

Published : Aug 8, 2023, 4:51 PM IST

বিশ্বনাথ,8 আগষ্ট:কঠোৰ অনুশীলন, ত্যাগ আৰু কষ্টৰ বিনিময়ত সফলতা লাভ কৰিছিল বিশ্বনাথৰ সুজিত শইকীয়াই ৷ হাঁহি বিৰিঙি উঠিছিল সুজিতৰ পৰিয়ালত ৷ যোগ্যতাৰ ভিত্তিত সুজিতে নিযুক্তি লাভ কৰিছিল অসম আৰক্ষীত ৷ সেই সূত্ৰে ডেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণস্থলীত প্ৰশিক্ষণ লৈ আছিল সুজিত শইকীয়াই । প্ৰায় আঢ়ৈমাহৰ পাচত প্ৰশিক্ষণৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে সুজিত ৷ কিন্তু বিশ্বনাথৰ সুজিতে সুখ লাভ কৰিলে যদিও সেয়া ক্ষণিকৰ বাবে । কাৰণ চৰণেহে জানে মৰণৰ ঠাই ৷

কিন্তু পুত্ৰ সুখৰ পৰিৱৰ্তে এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা এইজন দুৰ্ভগীয়া পিতৃৰ । দৰাচলতে ২০২২ চনৰ মে' মাহত বিশ্বনাথৰ আদৰ্শ গড়েহাগী গাঁৱৰ পৰাই দেশমাতৃৰ সেৱাৰ বাবে অসম আৰক্ষীত যোগদান কৰিছিল সুজিত শইকীয়াই ৷ সেই গাঁৱখনৰ সুজিতৰ লগতে ছজনকৈ যুৱক-যুৱতীয়ে যোগ্যতাৰ ভিত্তিত লাভ কৰিছিল নিযুক্তি ৷ সেই মৰ্মে যোগ দিছিল দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণস্থলীত ।

কিন্তু নিষ্ঠুৰ নিয়তিৰ কি যে পৰিহাস ! প্ৰায় আঢ়ৈমাহ যোৱাৰ পাচতে প্ৰশিক্ষণৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে সুজিত ৷ অসুস্থ সুজিতক যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়তে মৃত্যুক সাৱটি ল’বলগীয়া হয় সুজিত শইকীয়াই ৷ বাকচতে পৰি ৰ’ল সুজিতৰ বাবে সজাই থোৱা পুলিচৰ সাজযোৰ ৷

চিকিৎসকৰ ৰিপৰ্ট মতে সুজিতৰ মৃত্যু হৈছিল জাপানীজ এনকেফেলাইটিছত । কিন্তু বিভাগীয় কৰ্তৃপক্ষই দুৰ্ভগীয়া পৰিয়ালটোক ব্ৰেইন টিউমাৰৰ ফলত সুজিতৰ মৃত্যু হোৱা বুলিহে জানিবলৈ দিছিল । এতিয়া পৰিয়ালৰ অভিযোগ,ভুল চিকিৎসাৰ বাবেই প্ৰাণ গ'ল সুজিতৰ । সুজিতৰ মৃত্যুৰ আজি এবছৰ সম্পূৰ্ণ হ'বৰ হ'ল । পিছে আজিলৈকে ন্যায় নাপালে প্ৰয়াত সুজিত শইকীয়াৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

ন্যায়তো বহু দূৰৰ কথা, বিভাগীয় কৰ্তৃপক্ষৰ কোনো বিষয়া কৰ্মচাৰীয়ে খবৰ নললে দুৰ্ভগীয়া পৰিয়ালটোৰ। অৱশেষত মুখ্যমন্ত্ৰীক সকলো বিৱৰি বহুকেইটা মেইল কৰাৰ পাচতো আজিও নাহিল কোনো সহাঁৰি ৷ পৰিয়ালটোৱে গাঁও সংগঠনৰ সহযোগত সকলোখিনি প্ৰয়াস কৰিছে । কিন্তু উত্তৰ শূন্য। কোনো ধৰণৰ চৰকাৰী সা-সুবিধা তথা ক্ষতিপূৰণ নোপোৱা দৰিদ্ৰ পৰিয়ালটোৱে পাবনে ন্যায় ? গাঁওবাসীৰ দাবী শীঘ্ৰে দুৰ্ভগীয়া পৰিয়ালটোক যাতে চৰকাৰে সংস্থাপন দি পৰিয়ালটোৰ মুখলৈ হাঁহি বিৰিঙাই যেন ।

কিয়নো এক দুৰ্ঘটনাত ভগা ভৰিখনক লৈ সুজিত শইকীয়াৰ পিতৃয়ে কল বেপাৰ কৰি এতিয়া পৰিয়ালৰ বোজা লবলৈ আৰু নোৱাৰা হৈছে । আনহাতে আৰক্ষীৰ কনিষ্টবল চাকৰীত প্ৰয়োজন হোৱা সুজিতৰ ড্ৰেছৰ বাবে দৰিদ্ৰ পিতৃয়ে বন্ধকত ৰখা তিনি বিঘা মাটিকণো আজি পৰ্যন্ত মোকলাব পৰা নাই । ইফালে ভাঁজে ভাঁজে বাকছতে থাকি যোৱা আৰক্ষীৰ ড্ৰেছৰ বাকছটোকে উদং বুকুত লৈ মাতৃয়ে প্ৰতি মুহূৰ্ততে উচুপি উঠা দৃশ্যই সকলোকে দুঃখিত কৰি আহিছে ।

লগতে পঢ়ক:Woman raped in Tezpur : জঘন্য! বিবাহিত মহিলাক অপহৰণ কৰি ধৰ্ষণ, গোমাংস খুৱাই ধৰ্ম পৰিৱৰ্তনৰ চেষ্টা

ABOUT THE AUTHOR

...view details