অসম

assam

By

Published : Nov 2, 2022, 11:02 PM IST

ETV Bharat / state

Birthday of Aishwarya Kakati: তেজপুৰত প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

৭৯ বছৰত পদাৰ্পণ কৰিলে প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে (Playwriter Aishwarya Kakati)। এই জন্মদিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ " ।

Birthday of Aishwarya Kakati
প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

তেজপুৰ,২ নৱেম্বৰ:তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীণ অভিনেতা, পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯তম জন্মদিন আজি অৰ্থাৎ বুধবাৰে তেজপুৰ ইউনাইটেড আৰ্টিষ্ট ফৰামে ড৹ ভূপেন হাজৰিকা কলা ভূমিত উদযাপন কৰে (Playwriter Aishwarya Kakati) ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অভিনেতা তেজপুৰৰ সন্তান নিপন গোস্বামী আৰু বিশিষ্ট চিত্ৰকৰ নীলপৱন বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

প্ৰবীণ অভিনেতা, পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ (Artist Aishwarya Kakati) ৭৯তম জন্মদিনৰ উপলক্ষ্যে ইউনাইটেড আৰ্টিষ্ট ফৰামে ড৹ ভূপেন হাজৰিকা কলা ভূমিত কাকতিৰ ৰচনা আৰু পৰিচালনাত "ছ হাত মাথোঁ" নামৰ নাটখন প্ৰদৰ্শন কৰে ৷ নাটখনি উদ্বোধন কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুৰণেশ্বৰ নাথে । আনহাতে এই নাটকখন উপভোগ কৰিবলৈ উপস্থিত থাকে অসমৰ বিভিন্ন বৰেণ্য নাট্যকাৰ শিল্পী সমাজ সেৱক ৷

প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

অনুষ্ঠানত ইউনাইটেড আৰ্টিষ্ট ফৰামে বেহাৰবাৰী আউট পোষ্টৰ মোহন তথা দীপজ্যোতি কেওঁটক সম্বৰ্ধনা জনায় । নাটকখন মঞ্চস্থ কৰি নাট্যকাৰ কাকতিয়ে কয়, ‘‘নাটকে মোক জীৱন দিছে আৰু মই নাটকক জীৱন দিছোঁ ৷ মোৰ ৭৯ বছৰ বয়সত আজি প্ৰতিজ্ঞা কৰিছো জীৱনৰ শেষ সময়লৈকে ৰাইজক এখন নতুন নাটক উপহাৰ দি যাম’’ ৷ তেওঁ লগতে নাটকৰ জৰিয়তে সমাজৰ অপশক্তিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰো হুংকাৰ দিয়ে ৷

প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

আনহাতে, মোহনখ্যাত দীপজ্যোতি কেওঁটে ঐশ্বৰ্য কাকতিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত সুখী বুলি সদৰী কৰে । তেওঁ লগতে প্ৰয়াত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু এজন পথ পথ প্ৰদৰ্শকক হেৰুৱাই বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:DAC Election 2022: বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details