তেজপুৰ, 19 আগষ্ট : বুধবাৰে 40 গৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱানে তেজপুৰৰ পৰা কৰ'ণা ভাইৰাছৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে । উক্ত শিবিৰত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা এইয়া প্ৰথম বাৰৰ বাবে প্লাজমা দান কৰা হয় বুলি জানিব দিয়ে ।
সৰ্বমুঠ 40 গৰাকী সেনা বাহিনীৰ জোৱানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে সেনা বাহিনীৰ চতুৰ্থ কৰৰ জি অ চি ,লে: জেনেৰেল শান্তনু দয়াল । এই বিশেষ প্লাজমা দান শিবিৰ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই প্লাজমা দান কৰা সেনা জোৱানক সম্বৰ্ধনা জ্ঞাপন আৰু প্ৰশংসা কৰে ।
মত বিনিময়ত তেওঁ সেনা জোৱানক উদ্দেশ্যি কয় যে, প্লাজমা দান কৰি সেনা বাহিনীয়ে অসমৰ ৰাইজৰ বাবে ই এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে যাৰবাবে সেনা বাহিনীৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিব বুলি তেওঁ মত বিনিময় অনুষ্ঠানত মন্তব্য কৰে ।