তেজপুৰ,২৮ মাৰ্চ:তিনিদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ (Border Road Organisation ) পূব সীমান্তৰ অতিৰিক্ত মুখ্য সঞ্চালক পি কে এইছ সিং । খতিয়ান ল'লে বৰ্ডাৰ ৰোডছৰ অধীনত ওৰাং-কালেকতং-চেৰগাঁও-ৰুপা-টেঙা আৰু বালিপৰা-চাৰিদুৱাৰ-টাৱাং নিৰ্মীয়মান সীমান্ত পথ আৰু দলঙৰ নিৰ্মান কাৰ্য্যৰ ।
সীমান্তত নিৰ্মাণ হৈ থকা দলং সমূহৰ অগ্ৰগতি আৰু উন্নত প্ৰযুক্তিৰ কৌশল ৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ জাৰি কৰে সিঙে । বালিপৰা-চাৰিদুৱাৰ-টাৱাং ঘাই পথ চলিত বৰ্ষৰ জুলাই মাহত সম্পূৰ্ণ হৈ উঠাৰ পোষকতা কৰে সিঙে । কাৰণ বিগত সময়চোৱাত এপ্ৰিল মাহৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পথ নিৰ্মাণ সংস্থা বি আৰ অ য়ে অসুবিধাৰ সন্মুখীন হৈছিল ।