অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা থকা লৈকে বিজেপি দলৰ ক্ষতি নহয়ঃ স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা - তেজপুৰ চিকিৎসা মহাবিদ্যাল

অসম চুক্তি ৬ নং দফা সন্দৰ্ভত বিৰোধীয়ে কোৱা কথা প্ৰসংগত কয় ১২ জনীয়া কমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত চূড়ান্ত হ’ব নোৱাৰে ৷ গতিকে বিধান সভাত এই বিষয়টো গৃহত হোৱা প্ৰয়োজন।

Pijush Hazarika reaction aasu comments
হিমন্ত বিশ্ব শৰ্মা থকা লৈকে বিজেপি দলৰ ক্ষতি নহয়ঃ স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা

By

Published : Aug 14, 2020, 9:18 PM IST

তেজপুৰ,১৪ আগষ্টঃ আছুৱে হিমন্ত বিশ্ব শৰ্মাক চুপাৰ চিয়েম বুলি কোৱা মন্তব্যক উভতি ধৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ হাজৰিকাই মন্তব্য কৰে যে, আছু, বিৰোধী দল সমূহে এটা কথা নিশ্চিত যেতিয়া লৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব দলটোক ৰাজনৈতিক ভাৱে পৰাস্ত কৰাটো সম্ভৱ নহয় । সেই বাবে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছে সকলোৱে। আনহাতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যোগ্যতা আছে নে নাই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত উল্লেখ কৰে যিহেতু তেওঁ ২০ বছৰ ৰাজনীতিৰ পথাৰত আছে, কিন্তু মুখ্যমন্ত্ৰী পতা দায়িত্ব দল আৰু বিধায়কৰ।

হিমন্ত বিশ্ব শৰ্মা থকা লৈকে বিজেপি দলৰ ক্ষতি নহয়ঃ স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা

আনহাতে অসম চুক্তি ৬নং দফা সন্দৰ্ভত বিৰোধীয়ে কোৱা কথা প্ৰসংগত কয় ১২ জনীয়া কমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত চূড়ান্ত হ’ব নোৱাৰে ৷ গতিকে বিধান সভাত এই বিষয়টো গৃহত হোৱা প্ৰয়োজন। উল্লেখযোগ্য যে,ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উদ্যোগত শুকুৰবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্লাজমা দান শিবিৰত উপস্থিত থাকি এনে বিস্ফোৰক মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ উক্ত অনুষ্ঠানতে ২১ গৰাকী লোকে প্লাজমা দান কৰে চিকিৎসালয় খনত ৷ চিকিৎসা মহাবিদ্যালয় খনতে অনুষ্ঠানটোত হোৱা এখন দলীয় সভাতো অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ শদিয়াত কংগ্ৰেছৰ "বুথলৈ যাওঁ আহক" শীৰ্ষক অনুষ্ঠান

ABOUT THE AUTHOR

...view details