ৰঙাপৰা, 30 অক্টোবৰ :চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ পৰা বৈ অহা খৰস্ৰোতা জীয়া ভৰলী নৈখনে ঠায়ে ঠায়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়াৰ (Jia Bharali river erosion)। খহনীয়াত ইতিমধ্যে জাহ গৈছে অঞ্চলটোৰ এক বৃহৎ পৰিমাণৰ ভূমি । জীয়া ভৰলী নৈখনৰ বুকুত ভালুকপুঙৰ ১২ মাইলত থকা অসম ৰাইফলছৰ অস্থায়ী কেম্পৰ বহু ভূমিও ইতিমধ্যে বিলীন হৈছে ।
নৈৰ পাৰত থকা পৰিত্যক্ত বহু পকী ঘৰ এতিয়া নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে (Massive erosion in Bhalukpong)। ইফালে প্ৰতিবছৰে ১১ মাইলত থকা জীয়া ভৰলী নৈৰ পাৰত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহৰ আগমন হয় । কিন্তু অতি পৰিতাপৰ বিষয় যে নৈখনৰ খহনীয়াত বনভোজস্থলীৰো বহু ভূমি জাহ গৈছে (Picnic spots damaged due to erosion in Bhalukpong)।
ৰাজ্য চৰকাৰে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ ফলত বছৰ পিছত বছৰ ধৰি অঞ্চলটোত খহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে । অৱশ্যে বনভোজকাৰী দলসমূহ যাতে বনভোজৰ পৰা বঞ্চিত নহয় তাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকসকলে ।