অসম

assam

ETV Bharat / state

তেজপুৰৰ ৰাজপথ উত্তাল কৰিলে দিব্যাংগ সন্থাই - প্ৰধানমন্ত্ৰী আবাস যোজনা

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ বিচাৰি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ অসম দিব্যাংগ সন্থাই ৷ বিজেপি চৰকাৰ,মন্ত্ৰী নৱ দলেৰ বিৰুদ্ধে গৰজি উঠিল দিব্যাংগ ব্যক্তি সকল ৷

স্মাৰক পত্ৰ দিবলৈ যোৱা দিব্যাংগ সকলক গুৰুত্ব নিদিলে প্ৰশাসনে

By

Published : Nov 24, 2019, 4:18 AM IST

তেজপুৰ,১৬ নবেম্বৰঃ তেজপুৰত ৰাজপথ অৱৰোধ কৰি বিজেপি চৰকাৰ,মন্ত্ৰী নৱ দলেৰ বিৰুদ্ধে গৰজি উঠিল দিব্যাংগ ব্যক্তি সকল ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ বিচাৰি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ অসম দিব্যাংগ সন্থাই ৷ দিব্যাংগ সকলৰ নিযুক্তি, জব কাৰ্ডত অন্তৰ্ভুক্তিৰ দাবীত ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী হায় হায় , মন্ত্ৰী নৱ দলে মূৰ্দাবাদ , বিজেপি চৰকাৰ লেই লেই চেই চেই আদি শ্লগানৰে পৰিবেশ উত্তাল কৰি তোলে ৷

স্মাৰক পত্ৰ দিবলৈ যোৱা দিব্যাংগ সকলক গুৰুত্ব নিদিলে প্ৰশাসনে
প্ৰাপ্ত তথ্য মতে, জিলা গ্ৰামোন্নয়ণ অভিকৰণৰ কাৰ্যালয়লৈ সমদল কৰি দিব্যাংগ সন্থাই এখন স্মাৰকপত্ৰ দিব বিচাৰিছিল যদিও কাৰ্যালয়ৰ কোনো বিষয়াই তেঁওলোকৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ ওলাই নাহিল ৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি কাৰ্যালয়ৰ সন্মুখতে থিয় কৰাই ৰখাৰ পিছত ৰাজপথতে বহি প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰী সকলে ৷

ABOUT THE AUTHOR

...view details