ৰঙাপৰা, 27 মে': ৰঙাপৰা বিধানসভা সমষ্টিত গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ ৷ ৰঙাপৰাৰ বৰজুলি-খেলমাটি সংযোগী গড়কাপ্তানি পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ৷ বিধ্বস্ত পথচোৱাৰে অহা-যোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে ৷ মেৰামতিৰ অভাৱত এতিয়া বিধ্বস্ত হৈ পৰিছে পথচোৱা ৷ পপথচোৱাৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ ইয়াৰ উপৰিও এই পথচোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাত প্ৰাণ হেৰুৱাব লগীয়া হৈছে বহু লোকে ৷
ৰঙাপৰাৰ বৰজুলি-খেলমাটি সংযোগী বিধ্বস্ত পথে দুৰ্ভোগ ভূগাইছে ৰাইজক
মেৰামতিৰ অভাৱত এতিয়া বিধ্বস্ত হৈ পৰিছে পথচোৱা ৷ পথচোৱাৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ ইয়াৰ উপৰিও এই পথচোৱাত কেইবাটাও দূৰ্ঘটনা সংঘটিত হোৱাত প্ৰাণ হেৰুৱাব লগীয়া হৈছে বহু লোকে ৷
উল্লেখ্য যে, প্ৰায় দুবছৰ পূৰ্বে পথচোৱা নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰে অতি নিম্নমান সামগ্ৰীৰে নিৰ্মাণ কৰাৰ বাবেই আজি পথচোৱাৰ মাজত এনেদৰে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ অভিযোগ ৷ মৰণ ফান্দলৈ পৰিনত হোৱা বিধ্বস্ত পথচোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ বিয়াগোম গড়কাপ্তানী বিভাগটোৱে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ অভিযোগ উত্থাপন কৰিছে কৰিছে স্থানীয় ৰাইজে ৷ লগতে চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী গৰাকীক অতি শীঘ্ৰে উক্ত পথচোৱা মেৰামতি কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়কঃ প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ