ৰঙাপৰা,১৭ জুলাই:শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিত ভৰা নৈত ৰাইজে প্ৰাণ হাতত লৈ বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে । কেমেৰাত বন্দী হ'ল ফেনে ফুটুকাৰে বাঢ়ি থকা নৈৰ কোবাল সোঁতৰ মাজেৰে ৰাইজে কয়লাজুলি নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈকে পাৰ হোৱা ভয়ানক দৃশ্য ।
ৰঙাপৰাত ভৰা নৈৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা - কোবাল সোঁত
কয়লাজুলি নৈৰ বুকুত গাৰ নোম শিয়ৰি উঠা দৃশ্য । যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন ।
ৰঙাপৰাৰ উৰহীলগা হৈ কয়লাজুলি সংযোগী পথচোৱাত থকা পকীৰ দলংখনৰ এটা অংশ চলিত বৰ্ষৰ প্ৰথমটো বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। ফলত কণ কণ শিশুসকলে পাৰি দিয়া এডাল তামোল গছৰ ওপৰেদি আৰু একাংশই পানী গছকি ভৰা নৈৰ ওপৰেৰে অহা-যোৱা কৰে। যিকোনো মূহুৰ্ততে কোনো ব্যক্তিয়ে তামোল গছৰ পৰা পিছল খাই নদীৰ বুকুত পৰিলেই সলিল সমাধি ঘটাতো এক প্ৰকাৰ নিশ্চিত। তথাপিও মৰণত শৰণ দি প্ৰত্যেক দিনাই ৰাইজ আৰু শিশুসকলে ফেনে ফুটুকাৰে বাঢ়ি থকা কয়লাজুলি নৈখন পাৰ হৈ আহিছে। ইফালে,পথচোৱাত দলং নথকাৰ পৰিপ্ৰেক্ষিতত সংকটজনক ৰোগীক চিকিৎসা সেৱাৰ বাবে ৰঙাপৰা নাইবা তেজপুৰলৈ নিয়াৰ ক্ষেত্ৰত ৰাইজে বহু বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গুৰুত্বপূৰ্ণ পথৰ কয়লাজুলি নদীৰ ওপৰত থকা পকীৰ দলংখন উটুৱাই নিয়াৰ পাচৰে পৰা খৰালি দিনত বাঁহৰ দলং আৰু বাৰিষা কালত এইদৰেই ৰাইজে অহা-যোৱা কৰি আহিছে। সেয়ে উক্ত ঠাইত স্থানীয় ৰাইজে পুনৰ দলংখন নিৰ্মাণ কৰি যাতায়তৰ ক্ষেত্ৰত উপযোগী কৰি তুলিবলৈ চতিয়া বিধায়ক গৰাকীক আহ্বান জনাইছে ।