ৰঙাপাৰা,24 আগষ্ট: ৰঙাপাৰাৰ জৰাসৰ নদীৰ ওপৰত মাত্ৰ এখন হেলনীয়া বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে অসম-অৰুণাচল সীমান্তৱৰ্তী ওপৰ মোলানগাঁও,বগীজুলি গাঁৱৰ ৰাইজে ৷ ৰঙাপৰাৰ কলনি চাহ বাগিচা আৰু ওপৰ মোলানগাঁৱৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈ ওপৰত থকা বাঁহৰ দলং সম্প্ৰতি পৰিণত হৈছে মৰণ ফান্দত যাৰ ফলত গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী বহু অসুবিধাৰ সন্মুখীন হৈছে ৷
জৰাসৰ নদীৰ ওপৰৰ এখন জৰাজীৰ্ণ দলঙৰ কথাৰে - জৰাসৰ নদী
অসম-অৰুণাচল সীমান্তৱৰ্তী ওপৰ মোলানগাঁও আৰু বগীজুলি গাঁৱৰ ৰাইজৰ জৰাসৰ নদীৰ ওপৰত যাতায়তৰ মাধ্যম মাথো এখন হেলনীয়া বাহৰ দলং ৷
কেইটামান মাহ পূৰ্বে ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি জৰাসৰ নৈৰ ওপৰত এখন বাহৰ দলঙ নিৰ্মাণ কৰিছিল যদিও বৰ্তমান দলঙখন দীঘলীয়া হোৱাৰ বাবে মাজৰ অংশ হেলনীয়া হৈ পৰাৰ ফলত পাৰ হওঁতে দলঙখন কঁপি উঠে যি ৰাইজৰ মাজত এতিয়া প্ৰাণ-সংশয়ৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে বাঁহৰ দলঙখনৰ পৰা পৰি এজন লোকে প্ৰাণ হেৰুৱাৰ ওপৰিও বহুলোক হতাহত হৈছে তাৰ পাছতো কিন্তু ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে ৷ ৰাইজৰ এই দুখ-দুদৰ্শাৰ কথা পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰে কেতিয়া উপলব্ধি কৰি তাকে লৈ প্ৰশ্নৰ অবতাৰনা হৈছে অঞ্চলটোৰ সচেতন মহলে ৷