তেজপুৰ,৩০ ছেপ্টেম্বৰ :শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ বাঁহবেৰাত দলঙৰ অভাৱত টুলুঙা নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজ ৷ বিগত ২২ বছৰে ঢেকিয়াজুলিৰ বাঁহবেৰা-এৰাবাৰী সংযোগী গড়কাপ্তানী পথচোৱাৰ মাজত অৱস্থিত বেলশিৰি নদীৰ ওপৰত পকীদলং নিৰ্মাণৰ বাবে ৰাইজে বহু আবেদন নিবেদন কৰাৰ পিচতো চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দলঙৰ অভাৱত এতিয়া দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ৷
বৰ্তমান বিপদসংকুল যাতায়ত কৰিবলগীয়া হোৱাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে ৷