অসম

assam

ETV Bharat / state

অৰুণাচলত উদযাপন দালাই লামাৰ ৮৫ তম জন্মদিন - দালাই লামা

"অহিংস নীতিৰ ওপৰত সমাজে বিশ্বাস ৰাখিব লাগে ৷ শান্তি মানে কোনো অসুবিধা কৰিব নালাগে,যদি আমি সুস্থ মস্তিষ্কৰে থাকো বাহিৰা কোনো শক্তিয়ে আমাক অসুবিধা কৰিব নোৱাৰে"- দালাই লামা

Dalai Lama
অৰুণাচলত উদযাপন দালাই লামাৰ ৮৫ তম জন্মদিন

By

Published : Jul 6, 2020, 1:51 PM IST

তেজপুৰ,৬ জুলাই :আজি তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ ৮৫ সংখ্যক জন্ম দিন ৷ ১৯৩৫ চনৰ আজিৰ দিনটোত জন্ম গ্ৰহণ কৰিছিল 14 দালাই লামাই। ইটানগৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ল এই পবিত্ৰ দিনটো ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে টাৱাংৰ বিধায়ক আৰু পশ্চিম কামেঙৰ বিধায়কসকলে প্ৰত্যেক জিলাৰ সদৰ স্থানত তিব্বতৰ ধৰ্মগুৰুগৰাকীৰ ৮৫ সংখ্যক জন্ম দিনটো অনুষ্টুপীয়াকৈ উদযাপন কৰে ।

অৰুণাচলত উদযাপন দালাই লামাৰ ৮৫ তম জন্মদিন

খাণ্ডুৱে বৌদ্ধ ধৰ্মাৱলম্বীৰ বৌদ্ধ মঠ টুপতেন গেছলিঙ গুমপাত দালাই লামাৰ হৈ প্ৰাৰ্থনা কৰে আৰু ধৰ্মাৱলম্বীসকলৰ মাজত কেক কাটি লামাৰ দীৰ্ঘায়ু কামনা কৰে । অহিংস নীতিৰ বাণীৰে সকলোৰে মাজত ভাতৃত্ববোধৰ বাণী বিয়পোৱা এই গৰাকী মহান ব্যক্তি সদায় সুকলমে থাকক আৰু আমাক প্ৰেৰণা যোগাই যাওক বুলি খাণ্ডুৱে এক বাৰ্তাত কয় ।

লামাই এক টুইটৰ জৰিয়তে কয়

লগতে পঢ়কঃ অব্যাহত COVID-19ৰ প্ৰতিষেধক আৱিস্কাৰৰ প্ৰচেষ্টা

আনহাতে ৮৫ তম জন্ম দিনৰ উপলক্ষে লামাই এক টুইটৰ জৰিয়তে কয় যে," অহিংস নীতিৰ ওপৰত সমাজে বিশ্বাস ৰাখিব লাগে ৷ শান্তি মানে কোনো অসুবিধা কৰিব নালাগে,যদি আমি সুস্থ মস্তিষ্কৰে থাকো বাহিৰা কোনো শক্তিয়ে আমাক অসুবিধা কৰিব নোৱাৰে ।

অৰুণাচলত উদযাপন দালাই লামাৰ ৮৫ তম জন্মদিন

ABOUT THE AUTHOR

...view details