তেজপুৰ, 18 ফেব্ৰুৱাৰী:অৰুণাচল চৰকাৰ আৰু APPSC কেলেংকাৰীৰ প্ৰতিবাদকাৰীৰ মাজত হোৱা বৈঠক সমাপ্ত (APPSC SCAM) ৷ বৈঠকত প্ৰতিবাদকাৰীৰ সকলো দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে ৷ শনিবাৰে দিনৰ দুই বজাৰ পৰা পেন অৰুণাচল যুটীয়া পৰিচালনা সমিতিৰ (PAJSC) বিষয়ববীয়াৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ৰাজ্যিক গৃহমন্ত্ৰী বামং ফেলিপছ (Protest over APPSC scam) ৷
উল্লেখ্য যে, APPSC ৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিছিল PAJSC য়ে ৷ PAJSC য়ে উত্থাপন কৰা দাবী কেইটাৰ ভিতৰত অন্যতম হ’ল-
1) 2014 চনৰ পৰা 2022 চনলৈকে APPSC ৰ অধ্যক্ষ, সচিব, সদস্য আৰু অন্যান্য সকলো বিষয়াক তৎক্ষণাত তদন্তৰ আওতালৈ অনা
2) কেলেংকাৰীত জড়িত থকা সকলো অভিযুক্তক ফাষ্ট ট্ৰেক আদালৰ জৰিয়তে বিচাৰ কৰা
3) সকলো অভিযুক্তৰ আৰু তেওঁলোকৰ আত্মীয়ৰ সম্পত্তি তৎকালীনভাৱে বাজেয়াপ্ত কৰা
4) বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা আৰু নিলম্বিত হোৱাসকলৰ তদন্তৰ প্ৰতিবেদ ৰাজহুৱা কৰি চাকৰিৰ পৰা অব্যাহতি দিয়া
5) সকলো সদস্য সমিতিৰ প্ৰতিবেদন প্ৰকাশ কৰা
6) তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে আগন্তুক সকলো পৰীক্ষা স্থগিত ৰখা
7)উপ-সচিব পদৰ ওপৰৰ সকলো উচ্চ বিষয়াৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰা
8)APPSC য়ে অনুষ্ঠিত কৰা যিকোনো পৰীক্ষাত কেলেংকাৰী হোৱা বুলি তথ্য লাভ কৰিলে সেই পৰীক্ষাক Null & Void ঘোষণা কৰা ইত্যাদি
উল্লেখ্য যে, অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্তৰ দাবীত শুকুৰবাৰে ৰাজধানী ইটানগৰত শতাধিৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল (APPSC exam paper leaked) ৷ কিন্তু সেই প্ৰতিবাদৰ সময়তে নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় সংঘাত ৷ ফলত আহত হয় প্ৰতিবাদকাৰী আৰু নিৰাপত্তৰক্ষীসহ 10 গৰাকী লোক ৷ ইয়াৰ পাচতেই ৰাজ্যখনত 144 ধাৰা জাৰি কৰাৰ লগতে বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা ৷
প্ৰতিবাদকাৰীৰ সকলো দাবী মানি লোৱাৰ আশ্বাস ইতিমধ্যেই প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লোকসেৱা আয়োগৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াক ৷ আনহাতে, শুকুৰবাৰৰ প্ৰতিবাদৰ বাবে বাতিল কৰিব লগা হয় লোকসেৱা আয়োগৰ নতুন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান ৷ লগতে, ৰাজ্যখনত সৃষ্টি হোৱা অস্থিৰতাৰ বাবে বাতিল কৰা হয় 20 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দুদিনীয়া অৰুণাচল ভ্ৰমণসূচী ৷
সেয়া যি কি নহওক, শনিবাৰে চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা আলোচনাত প্ৰতিবাদকাৰীৰ সকলো দাবী মানি লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে পেমা খাণ্ডুৱে ৷
লগতে পঢ়ক:Section 144 imposed in Arunachal: বাতিল হ’ল ৰাষ্ট্ৰপতিৰ অৰুণাচল ভ্ৰমণ; প্ৰতিবাদকাৰীৰে মুখ্যমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক