ৰঙাপাৰা, 3 মে':লক্ ডাউনে বিপদাপন্ন কৰি তুলিছে মৃৎ শিল্পক । বজাৰৰ অভাৱত ঘৰতে পৰি ৰৈছে মৃৎশিল্পীৰ কষ্টৰ ফল । প্ৰায় 30-35 বছৰ ধৰি মৃৎ শিল্পৰ লগত জড়িত ৰঙাপাৰাৰ বৰজুলিৰ 5 টাকৈ মৃৎ শিল্পীৰ পৰিয়ালৰ, বৰ্তমান নাই অন্য কোনো উপাৰ্জনৰ থল ।
বজাৰৰ অভাৱে জুৰুলা কৰিছে মৃৎশিল্পীক - মৃৎশিল্পী
লক্ ডাউনৰ ফলত বজাৰৰ অভাৱত বৰ্তমান বিপৰ্যয় নামি আহিছে ৰঙাপাৰাৰ বৰজুলিৰ 5 টাকৈ মৃৎশিল্পীৰ পৰিয়াললৈ । অভাৱে জুৰুলা কৰি তুলিছে তেওঁলোকক ।
pathetic condition of the potters due to lockdo
তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই শিল্পই অৰুণাচলৰ লগতে শোনিতপুৰৰ ভিন্ন প্ৰান্তত সমাদৰ লাভ কৰি আহিছে । একাংশ লোকে তেওঁলোকৰ ঘৰৰ পৰা এই সামগ্ৰী সমূহ ক্ৰয় কৰিছিল যদিও, এতিয়া যাতায়ত আৰু বজাৰৰ অভাৱত তেওঁলোকে নিৰ্মাণ কৰা ভিন্ন সামগ্ৰী পৰি ৰৈছে ঘৰতে । যাৰ বাবে মৃৎশিল্পীৰ পৰিয়াল সমূহৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে । অভাৱে জুৰুলা কৰি তুলিছে তেওঁলোকক ।
লগতে পঢ়কঃচৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নলবাৰীৰ এটা অসহায় পৰিয়াল